নুমলীগড় তেল শোধনাগাৰৰ সামাজিক উন্নয়ন পুঁজি আঁচনিৰ ৩ কোটি টকাৰে বোকাখাতত স্থাপন হ’ব লগা মুকলি প্ৰেক্ষাগৃহটোৰ শিলান্যাস কৰে স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই।বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃহৎ ভূমি সামৰি স্থাপন হ’ব লগা বৃহৎ প্ৰেক্ষাগৃহটোত ১২ শৰো অধিক লোক বহিব পাৰিব সোমবাৰে বিদ্যালয়খনত উপস্থিত হৈ ভূমি পূজন লগতে শিলান্যাস কৰে মন্ত্ৰী অতুল বৰাই। অহা ২০২৩ বৰ্ষৰ এপ্ৰিলৰ ২৫ তাৰিখে নুমলীগড় তেল শোধনাগাৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই মুকলি প্ৰেক্ষাগৃহটি উন্মোচন দিন ধার্য কৰি লৈছে শোধনাগাৰ কৰ্তৃপক্ষই। শিলান্যাস অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ সঞ্চালক কাজল শইকীয়া, আন দুগৰাকী বিষয়া ক্ৰমে বিশ্বজিৎ বৰা,মিন্টু সন্দিকৈ উপস্থিত থাকে।নুমলীগড় শোধনাগাৰৰ এনে পদক্ষেপক মন্ত্ৰী অতুল বৰাই আদৰণি জনোৱাৰ লগতে শোধনাগাৰ কৰ্তৃপক্ষই ভৱিষ্যতৰ দিনত এনেধৰণৰ জনহিতকৰ কাম কৰি যাব বুলি আশা কৰে।ইফালে নুমলীগড় শোধনাগাৰে সামাজিক উন্নয়ন পুঁজিৰ জৰিয়তে বোকাখাত মহকুমাৰ লগতে গোলাঘাট জিলাত শিক্ষা, স্বাস্থ্যখণ্ডত জনহিতকৰ কাম কৰি যাব বুলি কাজল শইকীয়াই জানিবলৈ দিয়ে।বোকাখাত নগৰৰ কাষতে থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতক পৰ্যটন নগৰী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিব শোধনাগাৰ কৰ্তৃপক্ষই।ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে বোকাখাতৰ সাপজুৰি সপ্তাহিক বজাৰত নাৱাৰ্ডৰ পুঁজিৰে নিৰ্মাণ কৰা এটা সুন্দৰ বজাৰ গৃহ উন্মোচন কৰাৰ লগতে বোকাখাত বি ডি এম পথৰ কাষত থকা চৰকাৰী ফিচাৰীৰ উন্নয়নৰ বাবে অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ আঁচনি অধীনত ৭৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা বোকাখাত মীনপামৰ পৌনিক মাছ পোনা উৎপাদন কেন্দ্ৰ আৰু চৌহদৰ পকী বেৰা কামৰ আধাশিলা স্থাপন কৰে।
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী