শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উদ্যোগত আৰম্ভ হোৱা অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্ৰথম পৰ্যায়ৰ তৃতীয় কৰ্মশালা খনি ১৩ মে’ তাৰিখৰ পৰা আৰম্ভ হ’ব।যোৱা ১১ মে’ তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষাৰ্থী সকল আহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ বাকৰিত উপস্থিত হৈছিল।তৃতীয় কৰ্মশালাত ভাগ ল’বৰ বাবে ডিমাচা ,কোঁচৰাজবংশী,কাৰ্বি আৰু সোণোৱাল কছাৰীৰ প্ৰশিক্ষাৰ্থী সকলক নিৰ্বাচন কৰি অনা হৈছে।অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় সাঁকো নিৰ্মাণ কৰি বৰ অসম গঢ়াৰ মানসেৰে আৰম্ভ হোৱা এই কৰ্মশালাত প্ৰতিটো জনগোষ্ঠীয়েই অলেখ আশা আৰু উৎকণ্ঠাৰে সহযোগ কৰে।সেয়েহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমূহ প্ৰশিক্ষাৰ্থীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে স্বাগতম জনোৱা উদ্দেশ্যে এখনি সভা কলাক্ষেত্র ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত যোৱা ১১ মে’ তাৰিখে সন্ধিয়া ৭-০০ বজাত অনুষ্ঠিত কৰা হয়।উক্ত সভাত অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্ৰজেক্ট মেনেজাৰ জয়ন্তী চক্ৰৱৰ্তীয়ে প্ৰতিটো জনগোষ্ঠীৰ অংশগ্ৰহণকাৰী সকলৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে উপস্থিত থকা সমূহ প্ৰশিক্ষাৰ্থীকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু কৰ্মশালা দিন কেইটাত প্ৰতিটো জনগোষ্ঠীয়ে উভয়ৰে ভাষা – সংস্কৃতিৰ বিষয়ে সূক্ষ্ম ভাৱে অধ্যয়ন কৰি ল’বলৈ কয়।সভাত কৰ্মশালা প্ৰশিক্ষক মণ্ডলী ক্ৰমে প্ৰণিত নাইডিং,পতিৰাম ৰয়, নিৰু সোণোৱাল,ধীৰেশ্বৰ ৰহাঙ আৰু সবিতা শইকীয়া উপস্থিত থাকে। ১২ মে’ তাৰিখে দিনৰ ৪-৩০ বজাত প্ৰশিক্ষাৰ্থী সকলক কলাক্ষেত্রৰ বিভিন্ন স্থান সমূহ দৰ্শন কৰোৱা হয়।
Trending
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth