শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উদ্যোগত আৰম্ভ হোৱা অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্ৰথম পৰ্যায়ৰ তৃতীয় কৰ্মশালা খনি ১৩ মে’ তাৰিখৰ পৰা আৰম্ভ হ’ব।যোৱা ১১ মে’ তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষাৰ্থী সকল আহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ বাকৰিত উপস্থিত হৈছিল।তৃতীয় কৰ্মশালাত ভাগ ল’বৰ বাবে ডিমাচা ,কোঁচৰাজবংশী,কাৰ্বি আৰু সোণোৱাল কছাৰীৰ প্ৰশিক্ষাৰ্থী সকলক নিৰ্বাচন কৰি অনা হৈছে।অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় সাঁকো নিৰ্মাণ কৰি বৰ অসম গঢ়াৰ মানসেৰে আৰম্ভ হোৱা এই কৰ্মশালাত প্ৰতিটো জনগোষ্ঠীয়েই অলেখ আশা আৰু উৎকণ্ঠাৰে সহযোগ কৰে।সেয়েহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমূহ প্ৰশিক্ষাৰ্থীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে স্বাগতম জনোৱা উদ্দেশ্যে এখনি সভা কলাক্ষেত্র ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত যোৱা ১১ মে’ তাৰিখে সন্ধিয়া ৭-০০ বজাত অনুষ্ঠিত কৰা হয়।উক্ত সভাত অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্ৰজেক্ট মেনেজাৰ জয়ন্তী চক্ৰৱৰ্তীয়ে প্ৰতিটো জনগোষ্ঠীৰ অংশগ্ৰহণকাৰী সকলৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে উপস্থিত থকা সমূহ প্ৰশিক্ষাৰ্থীকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু কৰ্মশালা দিন কেইটাত প্ৰতিটো জনগোষ্ঠীয়ে উভয়ৰে ভাষা – সংস্কৃতিৰ বিষয়ে সূক্ষ্ম ভাৱে অধ্যয়ন কৰি ল’বলৈ কয়।সভাত কৰ্মশালা প্ৰশিক্ষক মণ্ডলী ক্ৰমে প্ৰণিত নাইডিং,পতিৰাম ৰয়, নিৰু সোণোৱাল,ধীৰেশ্বৰ ৰহাঙ আৰু সবিতা শইকীয়া উপস্থিত থাকে। ১২ মে’ তাৰিখে দিনৰ ৪-৩০ বজাত প্ৰশিক্ষাৰ্থী সকলক কলাক্ষেত্রৰ বিভিন্ন স্থান সমূহ দৰ্শন কৰোৱা হয়।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন