নেপালৰ কাঠমাণ্ডুত ৰূপৰ পদকৰে জিলিকিল জামুগুৰিহাটৰ বাৰ্বী বৰুৱাই

0 286

থাৰ্ড  ইন্টাৰনেচনেল অপেন টাইকোৱাণ্ডো চেম্পিয়নচিপত ৰূপৰ পদকৰে গৌৰৱ কঢ়িয়াই আনিছে জামুগুৰিহাটৰ শিশু খেলুৱৈ বাৰ্বী বৰুৱাই ৷ নেপালৰ কাঠমাণ্ডুত ৮আৰু ৯ এপ্ৰিলত অনুষ্ঠিত এই আন্তৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগীতাত ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰা বাৰ্বী বৰুৱাই ৩০ কেজিৰ শাখাত অৱত্তীৰ্ণ হৈ কেইবাখনো দেশৰ খেলুৱৈক ধাৰাশায়ী কৰে যদিও দ্বিতীয় স্থানৰে দেশৰ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয় ৷ আন্তৰাষ্ট্ৰীয় খেলত ৰূপৰ পদকৰে দেশৰ লগতে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই অনা বাবে বাৰ্বী বৰুৱাক জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান,ব্যক্তি বিশেষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ হলি চাইলড ইংলিছ স্কুলৰ পঞ্চম মানত অধ্যয়নৰত বাৰ্বী বৰুৱা জামুগুৰিহাট নিবাসী হোমিও চিকিৎসক দাদুল বৰুৱা আৰু জুৰি শৰ্মা বৰুৱাৰ কনিষ্ঠ কন্যা ৷ ইতিমধ্যে বাৰ্বী বৰুৱাই ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কেইবাখনো প্ৰতিযোগীতাত গল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.