দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ আজি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত উদ্বোধনী তথা আদৰণি ভাষনত মুখ্য পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই উপস্থিত থাকি “আমাৰ দৃঢ় ঘোষণা গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে আৰম্ভনিৰপৰা আপোচ কৰা নাই আৰু ভৱিষ্যতেও আপোচ নকৰে। অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতেই নহয়, সমগ্র দেশৰ ভিতৰত এখন উচ্চ মানবিশিষ্ট প্ৰতিষ্ঠান হিচাপে নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিটিউক আগবঢ়াই নিবলৈ আমি সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ বুলি কৈ প্ৰতিষ্ঠানখনৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কত মন্তব্য কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই অসমৰ অন্যান্য অঞ্চলৰ লেখিয়াকৈ পলাশবাৰী সমষ্টিৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু সাংবাদিকসকলে ক’ৰণা মহামাৰীৰ সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি ক’ভিডক যি সাহস দেখুৱালে তাৰবাবে তেওঁলোক প্ৰকৃতাৰ্থত ধন্যবাদৰ পাত্ৰ বুলি কয়। সেইসকল যোদ্ধাৰ প্ৰতি নেমকেয়াৰ কৰ্তৃপক্ষই দেখুওৱা সৎ পদক্ষেপৰ বাবে বিধায়ক ঠাকুৰীয়াই ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত নেমকেয়াৰ প্ৰতিষ্ঠানৰ সঞ্চালক ডা: মিহিৰ কুমাৰ বৰুৱাইও উপস্থিত থাকি ভাষণ প্ৰদান কৰে। নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পঞ্চম প্ৰতিষ্ঠা দিৱসৰ আগশাৰীৰ ক’ভিড যোদ্ধা সাংবাদিক হিচাপে বলেন কলিতা, দীপক চন্দ্ৰ কলিতা, বিমল শৰ্মা, পৱিত্ৰ কুমাৰ দাস, হীতেন মালী, মিলন মহন্ত, নুৰুল ইছলাম, ধৰ্মেন্দ্ৰ দাস, জিতুমণি দাসকে ধৰি কেইবাজনো সাংবাদিক আৰু বহুসংখ্যক স্বাস্থ্যকৰ্মীক ফুলাম গামোচা, সম্বৰ্ধনা-পত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। নেমকেয়াৰৰ প্ৰবক্তা দ্বীপশিখা ভৰালী আৰু কৃঞ্চা দাসে আঁত ধৰা সভাখনৰ আৰম্ভনিতে বন্তি প্ৰজ্বলনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। সম্পূৰ্ণ ক’ভিড প্ৰটোকল মানি অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ সভাখনৰ শেষত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষ ড: ভাৰ্গৱজ্যেতি চহৰীয়াই শলাগৰ শৰাই আগবঢ়ায়। আবেলিৰ ভাগত ছয়গাঁৱৰ ভলীবল দল আৰু মঙলদৈৰ ভলীবল দলৰ মাজত এখন প্ৰীতি ফুটবল খেলো অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ৰাতিপুৱা ৯-৩০ বজাত পতাকা উত্তোলন কৰে নেমকেয়াৰ প্ৰতিষ্ঠানৰ অন্যতম উদ্যেক্তা তথা অধ্যাপক অনুপ কুমাৰ গগৈয়ে। উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ প্ৰথমগৰাকী ছাত্র হিচাপে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ ছাত্র দেৱাশীষ কলিতাই আই আই টিৰ বাছনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত তেওঁক বিশেষভাৱে সন্মান দিয়া হয়। প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচী সফলতাৰে সামৰণি হোৱাত অধ্যক্ষ ড: ভাৰ্গৱজ্যেতি চহৰীয়াই সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰে।
Trending
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব
- APRINS Launches Skill Development Training Program on GI-Tagged Mizo Chilli Pickle and Banana Chips Making in Sesawng, Mizoram under LIC HFL SANGAM initiative
- এছ এছ বি আন্তঃসীমা বেডমিণ্টন ক্লাষ্টাৰ প্ৰতিযোগিতা – ২০২৫ আৰম্ভ
- National Level IP Yatra Programme to be Held in Shillong on 27th–28th November 2025
- প্ৰয়াত গীতিকাৰ লক্ষ্য বৰকটকীৰ সোঁৱৰণী ৰেডিঅ’ বিতৰণী অনুষ্ঠান সম্পন্ন
- পপ কালচাৰৰ আকৰ্ষণীয় উদযাপনেৰে গুৱাহাটী কমিক কনৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত
- ওপজা দিনত মালিগাঁৱত অন্তৰংগ আলাপ আৰু গীতে – মাতে জুবিন গাৰ্গক সোঁৱৰণ
- নিচামুক্ত ভাৰত অভিযানৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন