পখিলা উদ্যান মুকলি

0 148

গুৱাহাটীৰ লখৰাস্থিত এক্সেল পাব্লিক স্কুলত এখনি পখিলা উদ্যান মুকলি কৰা হয়। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ প্ৰকল্প সমন্বয়ৰক্ষী সুজয় মজুমদাৰ আৰু শিক্ষা বিষয়া প্ৰেমধৰ দাসে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আনুষ্ঠানিক ভাৱে এই উদ্যানখন মুকলি কৰে।পখিলা উদ্যান মুকলি কৰা এক্সেল পাব্লিক স্কুলেই হৈছে ৰাজ্যৰ প্ৰথমখন শিক্ষানুষ্ঠান।ভাৰতৰ পূৱ প্ৰান্তত অৱস্থিত অসম হৈছে বিভিন্ন প্ৰজাতিৰ পখিলাৰ ৰম্যভূমি।

কিন্তু অসমত উপলব্ধ এইসমূহ পখিলাৰ সংৰক্ষণ আৰু সহজলভ্য তথ্য প্ৰকাশৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত নহয়। লুপ্তপ্ৰায় হোৱাৰ উপক্ৰম হোৱা বিভিন্ন প্ৰজাতিৰ পখিলা সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক জ্ঞান দিয়াৰ লগতে সংৰক্ষণ কৰাৰ মানসেৰে এক্সেল পাব্লিক স্কুলে এই উদ্যানখন মুকলি কৰে। বিদ্যালয়খনৰ সঞ্চালক প্ৰসন্ন চৌধুৰী আৰু অধ্যক্ষা মণ্টি গগৈৰ পৰামৰ্শ আৰু তত্ত্বাৱধানত এই উদ্যানৰ কাম সম্পূৰ্ণ কৰি তোলা হয়।
উদ্যান খন মুকলি কৰাৰ ক্ষেত্ৰত বিদ্যালয়খনে কলকাতাস্থিত ৰাষ্ট্ৰীয় সংগ্ৰহালয়, বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ আৰু অসমস্থিত জৈৱবৈচিত্ৰ্য পৰিষদৰ পৰা অনুমোদন লাভ কৰিছে।বিলুপ্তপ্ৰায় প্ৰজাতিৰ পখিলাৰ সংৰক্ষণৰ উপৰিও প্ৰকৃতি আৰু পৰিবেশৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি বৰ্তি থাকিব পৰা পখিলা সমূহৰো সংৰক্ষণৰ ব্যৱস্থা কৰি তাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰী সকলক প্ৰকৃতি আৰু পৰিবেশৰ জ্ঞান দিয়া আৰু সচেতন কৰি তোলাটোৱেই উদ্যানখন মুকলি কৰাৰ মূল উদ্দেশ্য।

Leave A Reply

Your email address will not be published.