অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সহযোগত আজি মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে। স্বতন্ত্ৰ আৰু দায়বদ্ধ সংবাদ সেৱাৰ প্ৰতি শ্ৰদ্ধা জনাই উদযাপন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই বৰ্ষৰ মূল বিষয় হৈছে ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা।অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা। ভাষণ প্ৰসংগত ড° শৰ্মাই কয় যে ৰাষ্ট্ৰ অথবা জাতি একোটা গঢ় লৈ উঠা তথা এখন উন্নত আৰু সংস্কাৰমুখী দেশ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম।প্ৰাক স্বাধীনতা কালৰে পৰা বৰ্তমানলৈকে বিভিন্ন ভাষা আৰু ধৰ্মৰ মিলনভূমি ভাৰতবৰ্ষত এখন ৰাষ্ট্ৰৰ ভাৱধাৰা সৃষ্টি কৰাৰ ক্ষেত্ৰত ছপা মাধ্যমে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা সম্পর্কও ড° শৰ্মাই আলোকপাত কৰে।তদুপৰি স্বাধীনতা পিছৰ কালছোৱাত সুদূৰপ্ৰসাৰী ব্যাপক প্ৰচাৰ চলাব পৰা মাধ্যম ৰেডিঅ’ই ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা ভূমিকা সম্পৰ্কেও তেওঁ কয়। সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমক উদ্দেশ্যি ড° শৰ্মাই কয় যে কেৱল বিজ্ঞাপনৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰি নিৰপেক্ষ ভাৱে গ্ৰহণযোগ্যতা আৰু বিশ্বাসযোগ্যতা বৰ্তাই ৰাখি ৰাষ্ট্ৰ নিৰ্মাণত অধিক গুৰুত্ব প্ৰদান কৰা উচিত। মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে ,গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে জনসাধাৰণৰ মাজত এক নতুন চিন্তাৰ সৃষ্টি কৰি সমাজ সংস্কাৰৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।সংবাদ প্ৰকাশৰ ক্ষেত্ৰত যোগাত্মক চিন্তাৰে সঠিক বাতৰি প্ৰকাশ কৰাৰ বাবে অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায়।তদুপৰি ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনক সুবিধা প্ৰধান কৰাৰ বাবে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰক্ষ্মই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মৰিগাঁও সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ দায়বদ্ধতা সম্পৰ্কে সদৰী কৰে।জনসংযোগ বিষয়া মঞ্জুৰাণী ডেকাই আঁত ধৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানটোত মৰিগাঁও জিলা পৰিষদৰ সভানেত্রী ইচমা আৰা বেগম,মৰিগাঁও পৌৰ সভাৰ পৌৰপতি যোগেশ তামুলীৰ লগতে মৰিগাঁও জিলা জ্যেষ্ঠ সাংবাদিক সকল ,বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী