পদ্মনাথ শ্ৰব্য অভিধান মুকলি

0 251

অসমীয়া ভাষাক কাৰিকৰী দিশত আগুৱাই নিয়াৰ অন্যতম পদক্ষেপ হিচাপে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত মুকলি হয় পদ্মনাথ শ্ৰব্য অভিধান। এই অভিধানখন ডিজিটেলি মুকলি কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।অভিধানখন আনুষ্ঠানিক ভাৱে মুকলি কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অভিধানখনৰ জৰিয়তে অসমীয়া ভাষা সহজতে চেল্ফ লাৰনিং সহজ হৈ উঠিব। অভিধানখনত ১৮ হাজাৰ শব্দকোষ সন্নিৱিষ্ট আছে।

এই সম্পৰ্কত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে, এই অভিধানখনত শব্দ, শব্দৰ অৰ্থৰ লগতে উপশব্দ আৰু উপশব্দৰ অৰ্থসমূহ থকাৰ উপৰি ডিজিটেল মাধ্যমত এই শব্দ সমূহৰ ধ্বনিও উপলব্ধ হ’ব। ইয়াৰ উপৰিও আন্তৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত আৰু প্ৰতিটো শব্দৰ ইংৰাজী অৰ্থ থকা এইখনেই প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান। অভিধানখন Play Storeত Padmanath Audio Dictionary চাৰ্চ কৰি ডাউনলোড কৰিব পাৰিব।

উল্লেখ্য যে অভিধানখন প্ৰকাশনৰ হিচাপে আছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, আৰ্হি প্ৰস্তুত কৰিছে ড° ভাস্কৰ জ্যোতি শৰ্মা আৰু ড° গুণদ্বীপ চেতিয়া, ধ্বনি লিপান্তৰকৰণ, তথ্য পুনৰীক্ষন ড° ভাস্কৰ জ্যোতি শৰ্মা, চিষ্টেম ডিজাইন আৰু প্ৰগেমিং গুণদ্বীপ চেতিয়া আৰু অংশুমান বড়া, ইংৰাজী অৰ্থ পুনৰীক্ষন ড° মৃদুল বৰদলৈ,কণ্ঠ অৱনী কুমাৰ বৰা আৰু ড° গায়ত্ৰী মহন্ত,তথ্য অন্তৰ্ভুক্তি ৰেহেনা আখতাৰা, জুলুশ্ৰী গগৈ আৰু অৰ্ণৱ শৰ্মা, বাণীবদ্ধন সহযোগী- দীপক কুমাৰ দত্ত(মুখ্য শব্দ অভিযন্তা, জ্যোতি চিত্ৰবন), মনোজ দাস ( বাণীবদ্ধন বিষয়া, জ্যোতি চিত্ৰবন), আৰু লগ’ ডিজাইন‌ কৰোঁতা- ৰাজু গোহাঁইয়ে।

Leave A Reply

Your email address will not be published.