কেন্দ্রীয় চৰকাৰে কালি সন্ধিয়া ২০২০ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে ।শিক্ষা,শিল্পকলা,ক্ৰীড়া,চিকিৎসা,বিজ্ঞান আৰু অভিযান্ত্ৰিক,কৃষি,প্ৰশাসনিক সেৱা,সামাজিক সেৱা,উমৈহতীয়া সেৱাকে ধৰি বিভিন্ন শিতানত মুঠ ১৪১ গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে।ইয়াৰে ৭ গৰাকীক পদ্ম বিভূষণ,১৬ গৰাকীক পদ্মভূষণ আৰু ১১৮ গৰাকীক পদ্মশ্রী সন্মান প্ৰদান কৰা হৈছে।উল্লেখ্য যে ৰাষ্ট্ৰপতি ভৱনত মাৰ্চ বা এপ্ৰিল মাহত ৰাষ্ট্ৰপতিয়ে এই সন্মান প্ৰদান কৰিব।এইবাৰ পদ্ম বিভূষণ সন্মান মৰণোত্তৰভাৱে জৰ্জ ফাৰ্ণাণ্ডেজ,অৰুণ জেটলী,সুষমা স্বৰাজ আৰু শ্ৰী বিশ্বেশ্বতীৰ্থ স্বামীজী শ্ৰী পেজাভাৰা আধোখাজা মাথা উড়োপীলৈ আগবঢ়াইছে।আনহাতে ছাৰ আনেৰোড জোগনাউথ জি চি এছ কে,বক্সাৰ এম চি মেৰী কম আৰু ছন্নুলাল মিশ্ৰই পদ্মবিভূষণ সন্মান লাভ কৰিছে।ইয়াৰোপৰি ১৬ গৰাকী পদ্মভূষণ প্ৰাপকৰ ভিতৰত নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা উৰিষ্যাৰ ৰাজ্যপাল এছ চি জামিৰ,বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু,মৰণোত্তৰভাৱে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্রী মনোহৰ পাৰিকৰ নাম সন্নিবিষ্ট হৈছে।ঠিক সেইদৰে বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচিলৈ পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে।১১৮ গৰাকী পদ্মশ্রী সন্মান লাভ কৰা ব্যক্তিসকলৰ তালিকাত অসমৰ ৫ গৰাকীকৈ বিশিষ্ট ব্যক্তিৰ নাম উল্লেখ আছে।তাৰ ভিতৰত শিল্পকলা শিতানত অসমৰ বিখ্যাত শাস্ত্ৰীয় নৃত্য পটিয়সী ইন্দিৰা পি পি বৰা,সাহিত্য আৰু শিক্ষাৰ শিতানত বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ যোগেন্দ্ৰ নাথ ফুকন,সাহিত্যিক লীল বাহাদুৰ চেত্ৰী,চিকিৎসা শিতানত পশু চিকিৎসক তথা হস্তী বিশেষজ্ঞ ডাঃ কুশল কোঁৱৰ শৰ্মা আৰু চিকিৎসক ডাঃ ৰবি কানন আৰলৈ পদ্মশ্রী সন্মান আগবঢ়াইছে।তাৰোপৰি বলিউডৰ মোহময়ী অভিনেত্রী কংগনা ৰানাওট,কৰণ জোহৰ,একতা কাপুৰ,আদনান স্বামীৱেও পদ্মশ্রী সন্মান লাভ কৰিছে।উল্লেখযোগ্য যে এই বৰ্ষৰ পাব্লিক এফেয়াৰ শিতানত বিদেশৰ দুগৰাকী প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত বিশিষ্ট ব্যক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বব ব্লেকমেন আৰু বেৰী গার্ডিনাৰলৈ পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ