কেন্দ্রীয় চৰকাৰে কালি সন্ধিয়া ২০২০ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে ।শিক্ষা,শিল্পকলা,ক্ৰীড়া,চিকিৎসা,বিজ্ঞান আৰু অভিযান্ত্ৰিক,কৃষি,প্ৰশাসনিক সেৱা,সামাজিক সেৱা,উমৈহতীয়া সেৱাকে ধৰি বিভিন্ন শিতানত মুঠ ১৪১ গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে।ইয়াৰে ৭ গৰাকীক পদ্ম বিভূষণ,১৬ গৰাকীক পদ্মভূষণ আৰু ১১৮ গৰাকীক পদ্মশ্রী সন্মান প্ৰদান কৰা হৈছে।উল্লেখ্য যে ৰাষ্ট্ৰপতি ভৱনত মাৰ্চ বা এপ্ৰিল মাহত ৰাষ্ট্ৰপতিয়ে এই সন্মান প্ৰদান কৰিব।এইবাৰ পদ্ম বিভূষণ সন্মান মৰণোত্তৰভাৱে জৰ্জ ফাৰ্ণাণ্ডেজ,অৰুণ জেটলী,সুষমা স্বৰাজ আৰু শ্ৰী বিশ্বেশ্বতীৰ্থ স্বামীজী শ্ৰী পেজাভাৰা আধোখাজা মাথা উড়োপীলৈ আগবঢ়াইছে।আনহাতে ছাৰ আনেৰোড জোগনাউথ জি চি এছ কে,বক্সাৰ এম চি মেৰী কম আৰু ছন্নুলাল মিশ্ৰই পদ্মবিভূষণ সন্মান লাভ কৰিছে।ইয়াৰোপৰি ১৬ গৰাকী পদ্মভূষণ প্ৰাপকৰ ভিতৰত নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা উৰিষ্যাৰ ৰাজ্যপাল এছ চি জামিৰ,বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু,মৰণোত্তৰভাৱে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্রী মনোহৰ পাৰিকৰ নাম সন্নিবিষ্ট হৈছে।ঠিক সেইদৰে বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচিলৈ পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে।১১৮ গৰাকী পদ্মশ্রী সন্মান লাভ কৰা ব্যক্তিসকলৰ তালিকাত অসমৰ ৫ গৰাকীকৈ বিশিষ্ট ব্যক্তিৰ নাম উল্লেখ আছে।তাৰ ভিতৰত শিল্পকলা শিতানত অসমৰ বিখ্যাত শাস্ত্ৰীয় নৃত্য পটিয়সী ইন্দিৰা পি পি বৰা,সাহিত্য আৰু শিক্ষাৰ শিতানত বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ যোগেন্দ্ৰ নাথ ফুকন,সাহিত্যিক লীল বাহাদুৰ চেত্ৰী,চিকিৎসা শিতানত পশু চিকিৎসক তথা হস্তী বিশেষজ্ঞ ডাঃ কুশল কোঁৱৰ শৰ্মা আৰু চিকিৎসক ডাঃ ৰবি কানন আৰলৈ পদ্মশ্রী সন্মান আগবঢ়াইছে।তাৰোপৰি বলিউডৰ মোহময়ী অভিনেত্রী কংগনা ৰানাওট,কৰণ জোহৰ,একতা কাপুৰ,আদনান স্বামীৱেও পদ্মশ্রী সন্মান লাভ কৰিছে।উল্লেখযোগ্য যে এই বৰ্ষৰ পাব্লিক এফেয়াৰ শিতানত বিদেশৰ দুগৰাকী প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত বিশিষ্ট ব্যক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বব ব্লেকমেন আৰু বেৰী গার্ডিনাৰলৈ পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ