পলাশবাৰী সমষ্টিৰ পৌৰসভাৰ অন্তৰ্গত ৮ আৰু ৯ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনা চহৰাঞ্চল, অসমৰ অধীনত গৃহ আধাৰশিলা স্থাপন আৰু গৃহ প্ৰৱেশ সমাৰোহ-২০২১ৰ শুভাৰম্ভ কৰে সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। পলাশবাৰী পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ পূৰ্ণিমা কলিতাই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অনুমোদন পোৱা এটি গৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে ৮ নং ৱাৰ্ডৰ জোনালী কুমাৰৰ আন এটি নৱনিৰ্মিত গৃহৰ প্ৰৱেশদ্বাৰ মুকলি কৰে বিধায়কগৰাকীয়ে। বিধায়ক ঠাকুৰীয়াই উক্ত দুয়োটা অনুষ্ঠানৰ শুভাৰম্ভণী কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন চৰকাৰখনে দুখীয়া ৰাইজৰ হিতাৰ্থে লোৱা উক্ত আঁচনিৰ জৰিয়তে দুখীয়া লোকসকল উপকৃত হ’ব। লগতে পলাশবাৰী পৌৰসভাৰ অন্তৰ্গত প্ৰায় ১৭৪ টা পৰিয়ালে প্ৰধানমন্ত্ৰী আবাস যোজনা ঘৰৰ বাবে নিৰ্বাচিত কৰা হৈছে। পৰ্যায়ক্ৰমে সকলোকে আবাস গৃহ দিয়াৰ প্ৰস্তুতি চলাই থকাৰ লগতে এটি সুন্দৰ গৃহ সকলোকে প্ৰয়োজন, গৃহ সুন্দৰ হলে নিজৰ মনোবল তথা লৰা-ছোৱালীৰ পঢ়া-শুনাৰ ক্ষেত্ৰটো এটি ভাল পৰিবেশ হয় বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী আবাস যোজনা প্ৰজেক্ট ডাইৰেক্টৰ (P.M.A.Y.U) প্ৰণৱ দত্ত গোস্বামী, মিনিচিপাল্টি চিভিল ইঞ্জিনীয়াৰ (P.M.A.Y.U) ৰূপজ্যোতি মালী, পলাশবাৰী পৌৰসভাৰ কাৰ্যবাহী অভিযন্তা প্ৰফুল্ল কুমাৰ শৰ্মাৰ লগতে কেইবাগৰকীও বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি