ভাৰতীয় জনতা পাৰ্টি, দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত বাটৰহাটস্থিত জিলা কাৰ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী ‘মন কি বাত’ আৰু শক্তিকেন্দ্ৰৰ আহ্বায়কৰ সন্মিলন অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা কাৰ্যকৰ্তাসকলৰ পঞ্জীয়ন, বন্তি প্ৰজ্বলন ও বন্দে মাতৰম অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ আদৰণী ভাষণ পাঠ কৰে দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰে। সভাত গুৱাহাটী লোকসভাৰ সমষ্টিৰ সাংসদ কুইন ওজাই উপস্থিত থাকি শক্তিকেন্দ্ৰ আহ্বায়কৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে ভাষণ প্ৰসঙ্গত বিশদভাৱে আলোকপাত কৰে। অনুষ্ঠানত বিগত চাৰি মাহৰ ‘মন কি বাত’ অনুষ্ঠানৰ প্ৰতিবেদন পাঠ কৰে প্ৰধানমন্ত্ৰী ‘মন কি বাত’ অনুষ্ঠানৰ আহ্বায়ক দীপক কলিতাই। ইয়াৰ পিছতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই প্ৰধানমন্ত্ৰী ‘মন কি বাত’ অনুষ্ঠান সন্দৰ্ভত বিভিন্ন দিশ ভাষণত উল্লেখ কৰে। অনুষ্ঠানত দক্ষিণ কামৰূপ জিলাৰ প্ৰভাৰী জয়ন্ত ডেকাই উপস্থিত থাকি বিজেপি সাংগঠনিক সম্পৰ্কে বিভিন্ন দিশ আলোকপাত কৰে। উক্ত সভাত বুথ শক্তিকৰণ অভিযানৰ সমিতি গঠন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ৮ বছৰ পূৰ্ণ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা আৰু সমিতি গঠন কৰা হয়। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰে সভাৰ সামৰণী পৰে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা