যত্ন কৰিলে ৰত্ন পায় আৰু চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰিলে নোৱাৰা কাম কৰিব পাৰি। একক প্ৰচেষ্টাৰে হাতত লৈ একাগ্ৰতা তথা নিষ্ঠা সহকাৰে আগবাঢ়ি গলে নিশ্চয় সফলতা লাভ কৰিব পাৰি। এনে এক প্ৰচেষ্টা হাতত লৈ দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দখলা ক’লনীৰ কৃষামণি কলিতাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। পিতৃ হেমন্ত কলিতা আৰু মাতৃ আৰতী কলিতাৰ দ্বিতীয় কন্যা কৃষামণিয়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদত কেইবাবাৰো প্ৰস্তুতি চলাই সফল হ’ব পৰা নাছিল। অৱশেষত যোৱা ১৮ ছেপ্টেম্বৰত ঘোষণা কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদত নিযুক্তি পাবলৈ সক্ষম হৈছিল। কৃষামণি কলিতাৰ এনে সাফল্যত পৰিয়ালৰ লগতে দখলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। সেয়েহে আজি দখলা কলিতাপাৰা ৰাইজ গয়ৰহৰ তৰফৰ পৰা এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই উপলক্ষে কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি জয়ন্ত কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্যে ব্যাখ্যা কৰে ৰাইজ গয়ৰহৰ সাধাৰণ সম্পাদক জগদীশ দাসে। সভাত উপদেষ্টা হৰেণ কলিতা, পিতৃ হেমন্ত কলিতাই উপস্থিত থাকি পলাশবাৰী সমষ্টিৰ লগতে দখলা কলিতাপাৰা ৰাইজ গয়ৰহৰলৈ এক সুনাম কঢ়িয়াই অনাত গৌৰৱ অনুভৱ কৰা বুলি কৈ অনাগত সময়ত কৃষামণি কলিতাই অসম আৰক্ষীত নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই অধিক পদন্নোতি হ’ব পাৰে তাৰে বাবে প্ৰেৰণা যোগাই উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত ৰাইজ গয়ৰহৰ তৰফৰ পৰা কৃষামণি কলিতাক এখন মানপত্ৰ, ফুলাম গামোচা, জাপি আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে ৰাইজ গয়ৰহৰ প্ৰাক্তন সাধাৰণ সম্পাদক পুলক দাস আৰু ৰংমালা নামৰীয়া দল আৰু ৰুক্মিনী মালা দাসৰ দলে একোখনকৈ গামেচাৰে সম্বৰ্ধনা জনাই নগদ ধন প্ৰদান কৰে। সভাত ৰাইজ গয়ৰহৰ হৈ বাপধন কলিতা, প্ৰদীপ কলিতা, কামেশ্বৰ দাস, বিজিত দাস, কৃষ্ণ দাস আদিৰ লগতে বহুকেইজন জ্যেষ্ঠ লোক উপস্থিত থাকে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰংমালা আৰু ৰুক্মিণী মালা দাসৰ নামৰীয়া দলে নাম প্ৰসঙ্গৰো আয়োজন কৰে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী