কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ দখলা কলিতাপাৰা ৰাইজ গয়ৰহে ১৯ ফেব্ৰুৱাৰীত গয়ৰহৰ খেলপথাৰত বিধায়ক হেমাংগ ঠাকৰীয়াক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি জয়ন্ত কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা আঁতধৰে সম্পাদক জগদিশ কলিতাই। সভাত হেমাংগ ঠাকুৰীয়াক ৰাইজ গয়ৰহৰ তৰফৰ পৰা এখন ফুলাম গামোচা, চেলেং চাদৰ, মানপত্ৰ, জাপিৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত বিধায়ক হেমাংগ ঠাকুৰীয়াই দখলা অঞ্চলত সৰুৰে পৰা ঘাট-প্ৰতিঘাটৰ মাজৰে ডাঙৰ হৈ আজি বিধায়ক হ’ব পাৰিছোঁ বুলি কয়। এই অঞ্চলটো বহু সমস্যাৰে জৰ্জৰিত। বিশেষকৈ খোৱা পানী সমস্যা অতি শীঘ্ৰে সমাধান কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। লগতে কলিতাপাৰা ৰাইজ গয়ৰহৰ এটি গৃহ অৰ্থৰ অভাৱত আধৰুৱা হৈ আছে সেই গৃহটি সম্পূৰ্ণ কৰিবৰ বাবে বিধায়কে ২ লাখ টকা দিয়াৰ বাবে ঘোষণা কৰে। আনহাতে ঐতিহ্যমণ্ডিত দখলা পাহাৰখন পৰ্যটন স্থলীলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে পলাশবাৰী ব্ৰহ্মপুত্ৰৰ দাতিত এখন উদ্যান নিৰ্মাণৰ বাবে আঁচনি হাতত লৈছে, এই উদ্যানখন দখলা কলিতাপাৰালৈ আহিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উক্ত অঞ্চলত বহুখিনি সমস্যা আছে পৰ্যায়ক্ৰমে সমাধান কৰি দিম বুলি ৰাইজক আশ্বাস প্ৰদান কৰে বিধায়ক ঠাকুৰীয়াই। উক্ত সভাত বিধায়কৰ মাতৃ ভাৰতী প্ৰভা ঠাকুৰীয়া, বিজেপি নেতা শিৱ প্ৰসাদ ডেকা, হিতেশ ঠাকুৰীয়া, দখলা কলিতাপাৰাৰ ৰাইজ গয়ৰহৰ জ্যেষ্ঠ ব্যক্তি গিৰিধৰ কলিতা, হৰেণ কলিতা, বীৰেণ কলিতাৰ লগতে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি মালব্য মোহন তালুকদাৰ, সম্পাদক পবিত্ৰ কুমাৰ দাস, দহালী দখলা গাঁও পঞ্চায়তৰ সদস্য হেমন্ত কলিতাসহ বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে উক্ত দিনা বিয়লী দখলা, উপৰহালী, বিজয়নগৰ শ্মশানৰ দাহন কক্ষলৈ যোৱা ৭৫ মিটাৰ দৈৰ্ঘৰ এটি উপ-পথৰ আধাৰশিলা স্থাপন কৰে। বিধায়ক পুজিৰ পৰা ৩ লাখ ৫০ হাজাৰ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উপ-পথটিৰ লগতে এখনি ফুলনিৰ উদ্যান হ`ব বুলিও জানিবলৈ দিয়ে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান