কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত বিষয়ববীয়া সকলৰ শপত গ্ৰহণ

0 175

অসম চৰকাৰৰ জলসম্পদ,তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত আজি তিতাবৰস্থিত কৃষ্ণচূড়া উদ্যানৰ মুকলি মঞ্চত ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান আৰু প্ৰথম সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায়৷ মুঠ ২২ জন সদস্যৰে গঠিত পৰিষদৰ সকলো সদস্যকে মন্ত্ৰীগৰাকীয়ে আগন্তুক কাৰ্যকালৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখযোগ্য ইতিমধ্যে হৈ যোৱা ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ যোৱা ২৪ জানুৱাৰী তাৰিখে ভোট গণনা হৈ যায় আৰু নৱ নিৰ্বাচিত সদস্যসকলে আজি শপত গ্ৰহণ লোৱাৰ লগতে নতুন সমিতি খনো গঠন কৰা হয় ৷

যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে অনুষ্ঠানত অধ্যক্ষ ৰূপে উপস্থিত থাকি নতুন সমিতিৰ বিষয়ববীয়া সকলক শপত বাক্য পাঠ কৰায়৷ নতুন সমিতি অনুসৰি আগন্তুক কাৰ্যকালৰ বাবে প্ৰাক্তন মুখ্য কাৰ্যৱাহী সদস্য কুমুদ কছাৰীক অধ্যক্ষ, পুলক কছাৰীক উপাধ্যক্ষ, প্ৰাক্তন উপ মুখ্য কাৰ্যৱাহী সদস্য প্ৰতাপ কছাৰীক পৰিষদৰ মুখ্য কাৰ্যৱাহী সদস্য আৰু লখিমপুৰৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাক উপ মুখ্য কাৰ্যৱাহী সদস্যৰ দায়িত্ব অৰ্পন কৰা হয়৷ আনহাতে অন্য ৭ গৰাকী সদস্যক কাৰ্যৱাহী সদস্য হিচাপে দায়িত্ব দিয়া হয়৷সেইকেইগৰাকী সদস্য হ’ল ক্ৰমে হৰপ্ৰভা ঠেঙ্গাল,লেখন বড়া, বিপুল কছাৰী, শ্যামল কৃষ্ণ বড়া, জ্যোতি বড়া শইকীয়া, ৰাজু শইকীয়া আৰু পূৰ্ণ বড়া৷ বাকী ১১ গৰাকী সদস্য সাধাৰণ সদস্য ৰূপে পৰিষদৰ অন্তভূক্ত হয় ৷

পৰিষদৰ প্ৰধান সচিব তথা জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঞাঁই সভাৰ উদ্দেশ্য বাখ্যা কৰে৷ আজিৰ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ঢকুৱাখানৰ বিধায়ক নৱ কুমাৰ দলে, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম উদ্যোগিক আন্ত: গাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যোগেশ্বৰ বড়াৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

 

Leave A Reply

Your email address will not be published.