পলাশবাৰী সমষ্টিৰ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলত আজি প্ৰধান মন্ত্ৰী শ্ৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়।প্ৰধানমন্ত্ৰী শ্ৰী আঁচনিৰ অনুমোদিত অতিৰিক্ত শ্ৰেণী কোঠাৰ কামৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। লগতে নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ এটি অস্থায়ী কাৰ্যালয় মুকলি কৰি বিধায়ক ঠাকুৰীয়াই বিদ্যালয়খনত ৰাজ্য চৰকাৰে পলাশবাৰী সমষ্টিত প্ৰথমটো প্ৰধানমন্ত্ৰী শ্ৰী আঁচনি প্ৰদান কৰা বুলি মন্তব্য কৰে।আগন্তুক সোণালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীত বিধায়ক গৰাকীয়ে পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াব বুলি মত প্ৰকাশ কৰে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নয়ন মহন্ত,নহিৰা গাঁও পঞ্চায়তৰ সভাপতি মহেশ্বৰ ঠাকুৰীয়া, আঞ্চলিক সদস্য চন্দ্ৰকান্ত নাথৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেণ কুমাৰে বিধায়ক গৰাকীক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক সময়ত বিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত চকু দিবলৈ আহ্বান জনায়।উল্লেখ্য যে,অহা ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল খেলপথাৰত বিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ প্ৰস্তুতি তুংগত কৰি তুলিছে।
Trending
- Minister Krishnendu Paul Chairs Review Meeting to Assess Progress of Government Schemes in Darrang
- অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক সম্পন্ন – বন্তি শইকীয়াৰ গ্ৰন্থ “কণমইনাৰ সাধু” উন্মোচন
- টপচেম চিমেণ্টৰ পঞ্চম বাৰ্ষিক বিদ্যালয় ষ্টেশ্যনেৰী বিতৰণ কাৰ্যসূচী সফলভাৱে সম্পন্ন- ৬০০ৰো অধিক শিশুলৈ সহায়ৰ হাত
- 16-Day Campaign Against Gender-Based Violence Concludes with Awareness Rally in Darrang
- আহি আছে হাড় কপোৱা জাৰ, উজনি অসমৰ বেছিভাগ ঠাইতে সৰ্বনিম্ন তাপমাত্ৰা নামিল ৮ ডিগ্ৰী চেলচিয়াছলৈ – গুৱাহাটীত নামিল ১২ ডিগ্ৰী চেলচিয়াছলৈ
- এইচ ডি এফ চি বেংক গ্ৰুপৰ এইচ ডি এফ চি টেক ইনোভেটৰছ-২০২৫ৰ সফল সামৰণি
- ১০-১১ ডিচেম্বৰত গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব