অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কাহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ উদ্যোগত কামৰূপ জিলাৰ পলাশবাৰী নহিৰাত যোৱা ২ ছেপ্তেম্বৰত বিশ্ব নাৰিকল দিৱস উদযাপন কৰে। কাহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড০ যোগেশ চন্দ্ৰ নাথে নাৰিকলৰ পুলি ৰোপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শুভাৰম্ভ কৰি নাথে ভাষণ প্ৰসঙ্গত নাৰিকলৰ উপকাৰিতা বিষয়ে উল্লেখ কৰি নাৰিকল এবিধ অৰ্থকাৰী বহুবৰ্ষী শস্য আৰু কল্পবৃক্ষ হিচাপে স্বীকৃত হেজাৰৰো অধিক গুণ থকা নাৰিকল খেতি কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হবলৈ কৃষকসকলক আহ্বান জনায়। লগতে নাৰিকলৰ পৰা প্ৰস্তুত কৰা খাদ্য সন্দৰ্ভত বিশ্ব নাৰিকল দিৱসত অংশ গ্ৰহণ কৰা মহিলাসকলক প্ৰেৰণা জগোৱাৰ লগতে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানত গৱেষণা কেন্দ্ৰৰ কণিষ্ঠ বিজ্ঞানী ৰিংকুমণি ফুকনে নাৰিকল খেতিৰ প্ৰণালী যেনে জাত নিৰ্বাচন, মাতৃগছৰ নিৰ্বাচন পদ্ধতি, নাৰিকল বীজ দিয়াৰ নিয়ম, পুলিৰ বাচনি আৰু ৰোপন সময়, পুলিৰ দুৰত্ব, গাতৰ আকাৰ, নাৰিকলত সাৰ প্ৰয়োগ, পানীৰ যোগান আদিৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত আন এগৰাকী বিজ্ঞানী ড০ সমীৰণ পাঠকে নাৰিকল খেতিত আক্ৰমণ কৰা বিভিন্ন পোক পৰুৱা, বেমাৰ আজাৰ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে বিতংকৈ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উক্ত অনুষ্ঠানৰ আঁতধৰে স্থানীয় যুৱক তথা জ্ঞান-বিজ্ঞান নামৰ স্বেচ্ছাসেৱী সংগঠনৰ কামৰূপ জিলা সভাপতি মুনীন্দ্ৰ চন্দ্ৰ দাসে আৰু অনাতাৰ শিল্পী সুনীল দাসে এটি কামৰূপীয়া লোকগীতৰে অনুষ্ঠানটোৰ শুভাৰম্ভণী কৰে। উক্ত নাৰিকল দিৱসৰ লগত সংগতি ৰাখি এটি প্ৰশিক্ষণ শিৱিৰো অনুষ্ঠিত কৰে। উক্ত প্ৰশিক্ষণ শিৱিৰত প্ৰায় ৫০ গৰাকী পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index