দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি ভাৰতীয় জনতা পাৰ্টিয়ে উদযাপন কৰি অহা “সেৱা পষেক” কাৰ্যসূচীৰ লগত সংগতি ৰাখি দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত বাটৰহাটস্থিত জিলা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ‘প্ৰবুদ্ধ ব্যক্তি সন্মিলন’ অনুষ্ঠিত হয়। এই উপলক্ষে দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ কথা উল্লেখ কৰি দেশ তথা জনসাধাৰণৰ সেৱাৰ বাবে যিধৰণে উন্নয়ণ মূলক কামত ব্ৰতী হৈ আছে তাৰ ওপৰত ভাষণ প্ৰসঙ্গত বিশদভাৱে আলোকপাত কৰে। অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য, অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি কুশলজ্যোতি মালাকৰ, ৰাজ্যিক কৃষাণ মৰ্চাৰ উপ-সভাপতি ৰাজেন নাথ, আই.টি.ডি.পিৰ অধ্যক্ষা লাৱন্য বড়ো, ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ মেধিৰ লগতে বহুসংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত থাকে। ইয়াৰ পিছতে সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত সভাপতি ভৱেশ কলিতাই অহা ৮ অক্টোবৰত বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়টো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু অমিত শ্বাহৰ দ্বাৰা উদ্ধোধন কৰা হ’ব বুলি কয়। এই কাৰ্যসূচীটোৰ কাৰণে বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচীটো স্থগিত ৰখা হৈছে বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। আনহাতে কংগ্ৰেছ শূন্য হ’বলৈ ধৰা বিষয়টো প্ৰশ্ন কৰাত সভাপতি কলিতাই জাকিৰ হুছেইন চিদ্দিক, ৰেকিবুদ্দিন আহমেড, ৰকিবুল হুছেইন, ৱাহজেদ আলি চৌধুৰীৰ দৰে সংখ্যালুঘু বিধায়ক কেইজনহে কংগ্ৰেছত থাকিব বুলি মন্তব্য কৰে।
Trending
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)