দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি ভাৰতীয় জনতা পাৰ্টিয়ে উদযাপন কৰি অহা “সেৱা পষেক” কাৰ্যসূচীৰ লগত সংগতি ৰাখি দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত বাটৰহাটস্থিত জিলা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ‘প্ৰবুদ্ধ ব্যক্তি সন্মিলন’ অনুষ্ঠিত হয়। এই উপলক্ষে দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ কথা উল্লেখ কৰি দেশ তথা জনসাধাৰণৰ সেৱাৰ বাবে যিধৰণে উন্নয়ণ মূলক কামত ব্ৰতী হৈ আছে তাৰ ওপৰত ভাষণ প্ৰসঙ্গত বিশদভাৱে আলোকপাত কৰে। অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য, অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি কুশলজ্যোতি মালাকৰ, ৰাজ্যিক কৃষাণ মৰ্চাৰ উপ-সভাপতি ৰাজেন নাথ, আই.টি.ডি.পিৰ অধ্যক্ষা লাৱন্য বড়ো, ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ মেধিৰ লগতে বহুসংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত থাকে। ইয়াৰ পিছতে সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত সভাপতি ভৱেশ কলিতাই অহা ৮ অক্টোবৰত বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়টো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু অমিত শ্বাহৰ দ্বাৰা উদ্ধোধন কৰা হ’ব বুলি কয়। এই কাৰ্যসূচীটোৰ কাৰণে বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচীটো স্থগিত ৰখা হৈছে বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। আনহাতে কংগ্ৰেছ শূন্য হ’বলৈ ধৰা বিষয়টো প্ৰশ্ন কৰাত সভাপতি কলিতাই জাকিৰ হুছেইন চিদ্দিক, ৰেকিবুদ্দিন আহমেড, ৰকিবুল হুছেইন, ৱাহজেদ আলি চৌধুৰীৰ দৰে সংখ্যালুঘু বিধায়ক কেইজনহে কংগ্ৰেছত থাকিব বুলি মন্তব্য কৰে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি