ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক ক’ভিডৰ বিৰুদ্ধে চলি থকা যুজঁখনত সহায়ক হোৱাকৈ সামাৰ্থনুসৰি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি দি বিগত দিনকেইটাত ৰাজ্যৰ বহু লোকে অসম আৰোগ্য নিধিৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈও দান-বৰঙণি আগবঢ়াইছে। ক’ভিডৰ বিৰুদ্ধে চলি থকা যুজঁখনত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে গঠন কৰা অসম আৰোগ্য নিধিলৈ ৩০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে দক্ষিণ কামৰূপৰ মিৰ্জা নিবাসী, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা বিশিষ্ট ব্যৱসায়ী অনিল দাসে। যোৱা ২৬ মে’ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেখেতৰ হাতত ৩০ লাখ টকাৰ চেক প্ৰদান কৰে। উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা বিশিষ্ট ব্যৱসায়ী অনিল দাসে বিগত সময়ছোৱাত ৰাজ্যৰ লগতে দক্ষিণ কামৰূপ অঞ্চলত বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানত উন্নয়ন মূলক কামত সহায়ৰ হাত আগবঢ়ায় আহিছে। তেওঁৰ এই মহানুভৱতাক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram