২৬ জানুৱাৰী ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আজি পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু বৰকুছি নৱ যুৱক সংঘৰ সহযোগত বৰকুছি নামঘৰ খেলপথাৰত গণৰাজ্য দিৱস ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত খেলত চাৰিটা দল ক্ৰমে পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, পলাশবাৰী আৰক্ষী থানা, দক্ষিণ কামৰূপৰ ছপা-বৈদ্যুতিন মাধ্যমৰ সাংবাদিক-সংবাদকৰ্মী আৰু নিউজ পৰ্টেল সাংবাদিক-সংবাদকৰ্মী সকলে অংশ গ্ৰহণ কৰে। প্ৰথমে পলাশবাৰী আৰক্ষী থানাৰ বিষয়ববীয়া ও জোৱান আৰু নিউজ পোৰ্টেলৰ সাংবাদিক-সংবাদকৰ্মী সকলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলত পলাশবাৰী আৰক্ষী থানাই জয়লাভ কৰে। দ্বিতীয়খন খেল পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু দক্ষিণ কামৰূপৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সকলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে জয়লাভ কৰে। শেষত চুড়ান্ত খেল খন পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু পলাশবাৰী আৰক্ষী থানাৰ মাজত অনুষ্ঠিত হয়। উত্তেজনাপূৰ্ণ খেলখনত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। উক্ত খেলত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি পাঠক, পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিবেন্দ্ৰ ব্ৰহ্মা, ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কমৰজ্যোতি কাকতি, বিজয়নগৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া লাৱণ্য বড়ো, জ্যেষ্ঠ সাংবাদিক বলেন কলিতা, বিশ্বজিৎ কলিতা, ৰতন কলিতা, হিতেন মালী, নীৰেন মালীৰ লগতে বহুকেইজন ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। ৰ’দ কাচিয়লি নামৰ প্ৰতিষ্ঠাৰ স্বত্বাধিকাৰী গগণ নাথে চাৰিওটা দলৰ জাৰ্চি প্ৰদান কৰাৰ লগতে বৰকুছি নৱ যুৱক সংঘৰ কৰ্মকৰ্তাসকলে বিশেষভাৱে সহযোগিতা আগবঢ়ায়। শেষত বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰাৰ পিছতে বিধায়ক হেমাংগ ঠাকুৰীয়াই প্ৰাশসন, আৰক্ষী আৰু সাংবাদিক সকলৰ মাজত এনেধৰণৰ বন্ধুত্ব সুলভ খেল সময়ে সময়ে অনুষ্ঠিত হব লাগে বুলি কয়। লগতে খেলে মানুহক মানসিক, স্বাস্থ্য আৰু মনোবল বৃদ্ধি কৰে বুলি উল্লেখ কৰে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন