গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত অনুষ্ঠিত হ’ল প্ৰীতি ক্ৰিকেট খেল

0 195

বিগত বৰ্ষৰ দৰে এইবেলিও গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে আমিনগাঁওৰ অসম ক্ৰিকেট সন্থাৰ (ACA) ক্ৰিকেট গ্ৰাউণ্ডত আজি কামৰূপ জিলা উপায়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি কামৰূপ জিলা উপায়ুক্ত একাদশে নিৰ্ধাৰিত ১২ অভাৰত অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ৰাহুল জাবিৰ সুৰেশৰ চমকপ্ৰদ তথা দুৰ্দান্ত বেটিঙৰ সহায়ত মাত্ৰ২ উইকেটৰ বিনিময়ত ২২৮ ৰানৰ বিশাল পাহাৰ ঠিয় কৰায়। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে মাত্ৰ ৩৭ বলতে ১১৭ ৰানৰ অনৱদ্য বৰঙণি আগবঢ়ায় । ইয়াৰ বিপৰীতে মিডিয়া একাদশে উপায়ুক্ত একাদশৰ দুৰ্দান্ত বলিঙৰ সম্মুখত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১১৮ ৰাণ কৰি পৰাজয় বৰণ কৰে। খেলখনত অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ৰাহুল জাবিৰ সুৰেশক মেন অৱ দ্যা মেচ ঘোষণা কৰা হয়। খেলৰ অন্তত জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে পুৰস্কাৰ বিতৰণ কৰে। অত্যন্ত সৌহাৰ্দ্যপূ্ৰ্ণ পৰিৱেশত অনুষ্ঠিত উক্ত খেলখনত জিলা প্ৰশাসনৰ উচ্চ পদস্হ বিষয়াৰ লগতে বহুসংখ্যক জ্যেষ্ঠ তথা নৱীন সাংবাদিক উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই ।

Leave A Reply

Your email address will not be published.