দক্ষিণ কামৰূপৰ মাগুৰপাৰাস্থিত আঞ্চলিক স্বৰ্ণবায়ু আশ্ৰমৰ উদ্যোগত আশ্ৰম প্ৰাঙ্গনত নৱম বাৰ্ষিক সদৌ অসম ভিত্তিত গুৰুজনাৰ অনুপম সৃষ্টি বৰগীত আৰু লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, খেল-ধেমালি প্ৰতিযোগিতা, পতাকা উত্তোলন, স্মৃতি তৰ্পন আদি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰকৃতিক সুৰক্ষিত ৰখাৰ উদ্দেশ্য বৃক্ষৰোপণ কৰে বিশিষ্ট সমাজসেৱক ৰাজেন্দ্ৰ নাথ আৰু কুশলজ্যোতি মালাকৰে। ইয়াৰ পিছত উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি পশুধন চিকিৎসা শিবিৰ মুকলি কৰা হয়। উক্ত শিবিৰটো মুকলি কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু বিজ্ঞানী ডাঃ ইলাক্ষী ডেকাই। লগতে উপস্থিত থাকে পশু পালন আৰু চিকিৎসা বিভাগ কামৰূপৰ জিলা বিষয়া ড° অৰুণ শৰ্মা, ডাঃ দেৱকিংকৰ শৰ্মা, ডাঃ নৃপেন শৰ্মাকে ধৰি পশুপালন বিভাগৰ বহুকেইগৰাকী বিষয়া। ইয়াৰ পিছত বৰগীত আৰু লোকগীত প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ইতিহাসবিদ ড° গজেন্দ্ৰ অধিকাৰীয়ে। বৰগীতত প্ৰথম বিপাশা কলিতাই, দ্বিতীয় মুৰ্চ্ছনা দাস আৰু তৃতীয়স্থান অধিকাৰ কৰে আব্দুল কৰিমে। আনহাতে লোকগীতত বিপাশা কলিতাই প্ৰথম, মুৰ্চ্ছনা দাসে দ্বিতীয় আৰু মিতুমনি দাসে তৃতীয় স্থান অধিকাৰ কৰে। বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰৰ লগতে পাচ হাজাৰ, তিনি হাজাৰ আৰু দুই হাজাৰকৈ বঁটা প্ৰদান কৰা হয়।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index