ঢকুৱাখনাত স্বামী বিবেকানন্দৰ জীৱনচৰ্যা সন্দৰ্ভত ৰচনা প্ৰতিযোগিতা

0 211

আধুনিক ভাৰতৰ স্ৰষ্টা স্বৰূপ মহান দাৰ্শনিক ,স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষত ঢকুৱাখনাত বৃহস্পতি বাৰে অনুষ্ঠিত কৰা হয় যুৱ দিৱস। ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ ভাতৃ সংগঠন ঢকুৱাখনা জিলা যুৱ মৰ্চাৰ  উদ্যোগত ,ঢকুৱাখনা মণ্ডল যুৱ মৰ্চাৰ সহযোগত বৃহস্পতি বাৰে এই যুৱ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।  ঢকুৱাখনা নৰ্মাল স্কুল প্ৰাংগনত কোভিড বিধি মানি অনুষ্ঠিত এই দিৱসৰ সতে সংগতি ৰাখি শিক্ষাৰ্থী সকলৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
ঢকুৱাখনা সংগঠনিক জিলা ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন শিক্ষানুষ্ঠানৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।স্বামী বিৱেকানন্দৰ জীৱন দৰ্শন শীৰ্ষক এই ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী সকলক গ্ৰন্থ সম্ভাৰ , মানপত্ৰ আদিৰে আৰু প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সকলো প্ৰতিযোগীক মানপত্ৰ আৰু কলমেৰে মান্যতা প্ৰদান কৰা হয়।  যুৱ মৰ্চাৰ ঢকুৱাখনা মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক পলাশ কোঁৱৰে আঁত ধৰা যুৱ দিৱসৰ অনুষ্ঠানত ঢকুৱাখনা জিলা যুৱ মৰ্চাৰ সভাপতি বৃকোদৰ দাস, সাধাৰণ সম্পাদক মিগম পেগু ,নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ, শিক্ষয়িত্ৰী অপৰাজিতা বুঢ়াগোহাঁই,শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য ৰাজীৱ তামুলী ,শিক্ষক সুভাষ বৰপাত্ৰ গোহাঁই, বিদ্যুৎ চমুৱাৰ লগতে যুৱ মৰ্চাৰ গৰিষ্ঠ সংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকি প্ৰতিযোগী সকলক পুৰস্কৃত কৰে  আৰু মহান দাৰ্শনিক গৰাকীৰ ভাবাদৰ্শ আৰু মাৰ্গ দৰ্শনেৰে নৱ প্ৰজন্মক আগুৱাই গৈ এখন স্বনির্ভৰশীল আৰু প্ৰগতিশীল দেশ গঢ়াত অৱদান যোগাই ,দেশ মাতৃৰ বাবে উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ পৰম অংশীদাৰ হোৱাৰ পৰামৰ্শ আগবঢ়ায়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.