দক্ষিণ কামৰূপৰ মাগুৰপাৰাস্থিত আঞ্চলিক স্বৰ্ণবায়ু আশ্ৰমৰ উদ্যোগত আশ্ৰম প্ৰাঙ্গনত নৱম বাৰ্ষিক সদৌ অসম ভিত্তিত গুৰুজনাৰ অনুপম সৃষ্টি বৰগীত আৰু লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, খেল-ধেমালি প্ৰতিযোগিতা, পতাকা উত্তোলন, স্মৃতি তৰ্পন আদি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰকৃতিক সুৰক্ষিত ৰখাৰ উদ্দেশ্য বৃক্ষৰোপণ কৰে বিশিষ্ট সমাজসেৱক ৰাজেন্দ্ৰ নাথ আৰু কুশলজ্যোতি মালাকৰে। ইয়াৰ পিছত উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি পশুধন চিকিৎসা শিবিৰ মুকলি কৰা হয়। উক্ত শিবিৰটো মুকলি কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু বিজ্ঞানী ডাঃ ইলাক্ষী ডেকাই। লগতে উপস্থিত থাকে পশু পালন আৰু চিকিৎসা বিভাগ কামৰূপৰ জিলা বিষয়া ড° অৰুণ শৰ্মা, ডাঃ দেৱকিংকৰ শৰ্মা, ডাঃ নৃপেন শৰ্মাকে ধৰি পশুপালন বিভাগৰ বহুকেইগৰাকী বিষয়া। ইয়াৰ পিছত বৰগীত আৰু লোকগীত প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ইতিহাসবিদ ড° গজেন্দ্ৰ অধিকাৰীয়ে। বৰগীতত প্ৰথম বিপাশা কলিতাই, দ্বিতীয় মুৰ্চ্ছনা দাস আৰু তৃতীয়স্থান অধিকাৰ কৰে আব্দুল কৰিমে। আনহাতে লোকগীতত বিপাশা কলিতাই প্ৰথম, মুৰ্চ্ছনা দাসে দ্বিতীয় আৰু মিতুমনি দাসে তৃতীয় স্থান অধিকাৰ কৰে। বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰৰ লগতে পাচ হাজাৰ, তিনি হাজাৰ আৰু দুই হাজাৰকৈ বঁটা প্ৰদান কৰা হয়।
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী