পলাশবাৰী সমষ্টিৰ উপৰহালী গাঁৱৰ সু-সন্তান তথা নৱ নিৰ্বাচিত বিধায়ক হেমাংগ ঠাকুৰীয়াক গাঁৱখনৰ ৰাইজে আজি বিশেষ ভাৱে সম্বৰ্ধনা জনায়। উপৰহালী ৰাইজ গয়ৰহৰ সৌজন্যত উপৰহালীস্থিত চিলাৰায় ভৱনত দিনৰ ১২ বজাত অনুষ্ঠিত বিধায়ক ঠাকুৰীয়াক বিপুলভাৱে সম্বৰ্ধনা জনোৱা এই সমগ্ৰ অনুষ্ঠানৰ আঁতধৰে উপৰহালী ৰাইজ গয়ৰহৰ সম্পাদক তথা সাংবাদিক পবিত্ৰ কুমাৰ দাসে। সভাখনত সভাপতিত্ব কৰে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি মালব্য মোহন তালুকদাৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গয়ৰহৰ সাধাৰণ সম্পাদক দীপক তালুকদাৰে। ইয়াৰ পিছতে বিধায়ক হেংমাগ ঠাকুৰীয়াক উপৰহালী ৰাইজ গয়ৰহ তৰফৰ পৰা এখন ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, ফুলাম জাপি আৰু সম্বৰ্ধনা পত্ৰৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে সম্পাদক পবিত্ৰ কুমাৰ দাসে উপৰহালী গাঁওৰ ন-টা বিশেষ সমস্যা সমাধানৰ অৰ্থে ন-টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ পাঠ কৰি গয়ৰহৰ জৰিয়তে বিধায়কক প্ৰদান কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ জন্মভূমি উপৰহালী গাঁৱৰ ৰাজনৈতিক পৰিক্ৰমা ভাষণ প্ৰসঙ্গত উল্লেখ কৰি নিজে শিক্ষা গ্ৰহণ কৰা তথা পিতৃয়ে শিকক্ষতা কৰা উপৰহালী হাইস্কুল, বিজয়নগৰৰ কৃত্ৰিম বানপানীৰ সমস্যা, এখন ফুটবল খেল পথাৰ নিৰ্মাণ কৰাৰ লগতে বিভিন্ন সমস্যাৰে জৰ্জৰিত গাঁৱৰ সমস্যা সমাধানৰ আশ্বাস দিয়ে। বাৰিষা আহিলে পানীত বুৰ গৈ ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰাত উপৰহালী হাইস্কুলে সন্মুখীন হোৱা অসুবিধা আৰু উপৰহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো বাৰিষাৰ সময়ত পানীৰে উপচি পৰা সমস্যা সমাধান কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰি ৩.৫০ কোটি টকীয়া এক নলা আৰু পথৰ কাম অনুমোদন কৰিছে বুলি কয়। শীঘ্ৰে এই নলা আৰু পথচোৱাৰ কাম আৰম্ভ হ’ব বুলি ভাষণ উল্লেখ কৰে। লগতে উপৰহালী গাঁৱৰ ৫ নং অঙ্গনবাড়ী কেন্দ্ৰটোক আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ হিচাবে গঢ়ি তোলাত ৰাজ্য চৰকাৰৰ পৰা ২৫ লাখ টকা অনুমোদনৰ কথা জনায়। লগতে উপৰহালী গাঁৱৰ একমাত্ৰ ১২৫ বছৰীয়া নামঘৰৰ বাবে ৫ লাাখ টকা বিধায়ক পূজিৰ পৰা দিয়াৰ কথা ঘোষণা কৰে। পৰ্যায়ক্ৰমে গাঁৱখনৰ অন্য সমস্যা সমূহো সমাধান কৰাৰ কথাও উল্লেখ কৰি গাঁওখনত মদ আৰু জুৱাখেল শীঘ্ৰ বন্ধ হ’ব লাগে বুলি উল্লেখ কৰে। সভাত ৰাইজ গয়ৰহৰ উপদেষ্টা নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, গজিন ঠাকুৰীয়া, গিৰিশ ঠাকুুৰীয়া, প্ৰফুল্ল ঠাকুৰীয়া, অশ্বিনী তালুকদাৰ, যতীন তালুকদাৰ, উপৰহালী গাঁও পঞ্চায়তৰ সভাপতি জগদীশ ঠাকুৰীয়া, আঞ্চলিক সদস্যা কবিতা ৰাণী দাস তালুকদাৰৰ লগতে বহুকেইন জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তি, অঞ্চলটোৰ পুৰুষ-মহিলাসকল উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শইৰাই আগবঢ়ায় ৰাইজ গয়ৰহৰ সাধাৰণ সম্পাদক দীপক তালুকদাৰে।
Trending
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন