পলাশবাৰী উপৰহালীস্থিত চিলাৰায় ভৱনত আজি দিনযোৰা কাৰ্যসূচীৰে মিৰ্জা আঞ্চলিক প্ৰাক্তন সৈনিক সমাৰোহ অনুষ্ঠিত হয়। মিৰ্জা আঞ্চলিক প্ৰাক্তন সৈনিক সকলৰ লগতে পৰিয়ালবৰ্গ আৰু বিধৱা বীৰ নাৰীসকলক একত্ৰিত কৰাৰ বাবে উক্ত প্ৰাক্তন সৈনিক সমাৰোহ অনুষ্ঠিত কৰিছে। এই উপলক্ষে পুৱা চাফাই অভিযান আৰু বৃক্ষ ৰোপন কৰে মিৰ্জা আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ উপদেষ্টা ৰাম প্ৰসাদ তালুকদাৰে। ৯ বজাত পতাকা উত্তোলন কৰে সৈনিক সন্থাৰ সভাপতি সুধন্ন কলিতাই। ১১ বজাত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে সৈনিক সন্থাৰ উপদেষ্টা বীৰেন কলিতাই। ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে সৈনিক সন্থাৰ উপ-সভাপতি ভদ্ৰেশ্বৰ দাস আৰু সহ: সম্পাদক আনন্দদেৱ শৰ্মাই। ১১ বজাত সৈনিক সন্থাৰ সভাপতি সুধন্ন কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সমাৰোহত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি প্ৰাক্তন সৈনিক সন্থাৰ ভুমি আৱণ্টনৰ লগতে এটি গৃহ নিৰ্মাণ কৰি দিয়াৰ বাবে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী এয়াৰ ফোৰ্চ ষ্টেচনৰ এয়াৰ অফিচাৰ কামাণ্ডিং, অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ নাৰায়ণ দত্ত, বেংক অফ বৰোদাৰ পৰিচালক ব্ৰিগেডিয়াৰ ৰাৱাত উপস্থিত থকাৰ উপৰিও নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত চুবেদাৰ তথা জিলা সৈনিক কল্যাণ বিষয়া বসন্ত বৰুৱাই উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উক্ত সমাৰোহত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় অসমৰ পৰা লাডাখলৈ পদযাত্ৰা কৰি অভিলেখ সৃষ্টি কৰা ক্ৰীড়াবিদ অঞ্জলি দাসক। অনুষ্ঠানত উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি/সম্পাদক উপস্থিত থকাৰ লগতে অৱসৰপ্ৰাপ্ত সৈনিক সকল উপস্থিত থাকে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন