পলাশবাৰী উপৰহালীস্থিত চিলাৰায় ভৱনত আজি দিনযোৰা কাৰ্যসূচীৰে মিৰ্জা আঞ্চলিক প্ৰাক্তন সৈনিক সমাৰোহ অনুষ্ঠিত হয়। মিৰ্জা আঞ্চলিক প্ৰাক্তন সৈনিক সকলৰ লগতে পৰিয়ালবৰ্গ আৰু বিধৱা বীৰ নাৰীসকলক একত্ৰিত কৰাৰ বাবে উক্ত প্ৰাক্তন সৈনিক সমাৰোহ অনুষ্ঠিত কৰিছে। এই উপলক্ষে পুৱা চাফাই অভিযান আৰু বৃক্ষ ৰোপন কৰে মিৰ্জা আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ উপদেষ্টা ৰাম প্ৰসাদ তালুকদাৰে। ৯ বজাত পতাকা উত্তোলন কৰে সৈনিক সন্থাৰ সভাপতি সুধন্ন কলিতাই। ১১ বজাত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে সৈনিক সন্থাৰ উপদেষ্টা বীৰেন কলিতাই। ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে সৈনিক সন্থাৰ উপ-সভাপতি ভদ্ৰেশ্বৰ দাস আৰু সহ: সম্পাদক আনন্দদেৱ শৰ্মাই। ১১ বজাত সৈনিক সন্থাৰ সভাপতি সুধন্ন কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সমাৰোহত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি প্ৰাক্তন সৈনিক সন্থাৰ ভুমি আৱণ্টনৰ লগতে এটি গৃহ নিৰ্মাণ কৰি দিয়াৰ বাবে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী এয়াৰ ফোৰ্চ ষ্টেচনৰ এয়াৰ অফিচাৰ কামাণ্ডিং, অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ নাৰায়ণ দত্ত, বেংক অফ বৰোদাৰ পৰিচালক ব্ৰিগেডিয়াৰ ৰাৱাত উপস্থিত থকাৰ উপৰিও নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত চুবেদাৰ তথা জিলা সৈনিক কল্যাণ বিষয়া বসন্ত বৰুৱাই উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উক্ত সমাৰোহত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় অসমৰ পৰা লাডাখলৈ পদযাত্ৰা কৰি অভিলেখ সৃষ্টি কৰা ক্ৰীড়াবিদ অঞ্জলি দাসক। অনুষ্ঠানত উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি/সম্পাদক উপস্থিত থকাৰ লগতে অৱসৰপ্ৰাপ্ত সৈনিক সকল উপস্থিত থাকে।
Trending
- এইচ ডি এফ চি বেঙ্কে প্ৰৱঞ্চনাৰ পৰা মুক্ত হোৱাৰ প্ৰসাৰৰ বাবে ‘ভিজিল আণ্টি’ অভিযান আৰম্ভ কৰিছে
- চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন
- জামুগুৰিহাটত ব্যতিক্ৰমী ভাৱে স্বাধীনতা দিৱস উদযাপন
- ৰঙিয়াত মাৰোবাড়ী যুৱ মঞ্চৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰ্ণিল কাৰ্যসূচী ৰূপায়ন
- ৰং তুলিকাৰ পৰশত জামুগুৰিহাটত জীৱন্ত ৰূপত দৃশ্যমান হৈছে স্বাধীনতা সংগ্ৰামৰ দেশপ্ৰেমমূলক দৃশ্য
- সপ্তম বৰ্ষত ভৰি দিলে এন ই ফকাচ ডট কমে
- ঐতিহাসিক চতিয়া থানাত দেৱাল অংকনত ৰং তুলিকা হাতত ল’লে বিধায়ক পদ্ম হাজৰিকাই
- গুৱাহাটী বিশ্ববিদ্যালয়ত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস আৰু আজাদী কা অমৃত মহোৎসৱ উদযাপন
- ঢকুৱাখনাৰ নামনি আলিমুৰ ডাংধৰা আদৰ্শ অংগনৱাদী কেন্দ্ৰ উদ্ধোধন
- মডাৰ্ণ ইংলিছ স্কুলৰ বাটৰ নাট অনুষ্ঠিত