অসম ৰাজ্যিক এনএছ ইউ আইৰ উদ্যোগত আৰু কামৰূপ জিলা এন.এছ.ইউ.আইৰ সহযোগত পলাশবাৰীৰ বঙৰা মাজপাৰা চতুৰ্ভূজ সত্ৰৰ খেল পথাৰ প্ৰাংগনত যোৱা ৩০ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ অনুষ্ঠিত কৰা ১১ দিনীয়া বিনামূলীয়া বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি পৰে। সামৰণিৰ দিনা অৰ্থাৎ ১০ এপ্ৰিলত এন এছ ইউ আই ছাত্ৰ সংগঠনটোৱে ৰাতিপুৱা ১০ বজাত শ্ৰী শ্ৰী চতুৰ্ভূজ সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰবোধ তালুকদাৰৰ দ্বাৰা চতুৰ্ভূজ সত্ৰৰ চৌহদত বন্তি প্ৰজ্বলন কৰি সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ১১ বজাত কৰ্মশালাৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অঞ্চলটোত এক বিশাল শোভাযাত্ৰাৰ উলিওৱা হয়। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিজয়নগৰস্থিত গুডলাক হেল্থ কেয়াৰ চেন্টাৰৰ সহযোগত বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে চুগাৰ আৰু হিমগ্লবিন পৰীক্ষা কৰা হয়। দুপৰীয়া ১ বজাৰ পৰা কৰ্মশালাটিত অংশগ্ৰহণ কৰা বিহুনৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত ৬ টা শাখাত এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয়।প্ৰতিযোগিতাখন সুচাৰুৰূপে চলাই নিয়ে ছয়গাওঁৰ কলহী পাৰৰ ৰাংঢালী বিহুৱা দলৰ নেতৃত্বত অহা মানস বাবন ঠাকুৰীয়া, মইনা কলিতা, বনিতা ঠাকুৰীয়া, প্ৰিয়ংকা নাথ, অৰ্জুন কলিতা আৰু দ্বীপজ্যোতি নাথে। বিহুনৃত্যৰ ৫ টা শাখাত প্ৰতিযোগিতা আয়োজন কৰা মুঠ ১৫ জনী নাচনী, ২ জন ঢোল বাদক আৰু এগৰাকী বিজয়ী প্ৰতিযোগিক ট্ৰফিৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা বটাঁ বিতৰণী সভাত উপস্থিত থাকে বঙৰা মাজপাৰা ৰাইজ গয়ৰহৰ সভাপতি সুভাষ চৌধুৰী, জালিমীপাৰা ৰাইজ গয়ৰহৰ সভাপতি মুকুন্দ নাথ, মৰ্মেশ্বৰ নাথ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জুলু চেতিয়া, অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ সভাপতি কৃষাণু বৰুৱা, সাধাৰণ সম্পাদক কৌশিক কাশ্যপ, সম্পাদক নিহাৰ শইকীয়া, ৰক্তিম দত্ত, এন.এছ.ইউ.আইৰ সামাজিক মাধ্যমৰ অধ্যক্ষ হানান আহমেদ, কামৰূপ জিলা এন.এছ.ইউ.আইৰ সভাপতি চাকিল আহমেদ, উপ-সভাপতি ৰমেন বড়ো, সাধাৰণ সম্পাদক গুনিন্দ্ৰ দাস আদি। শেষত বিনামূলীয়াকৈ আয়োজন কৰা বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ প্ৰায় ৩ শতাধিক ছাত্ৰ-ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। ৰাজ্যিক এন.এছ.ইউ.আইৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ নেতৃত্বত আয়োজন কৰা এই কৰ্মশালাটিক একেমুখে শলাগ লয় অঞ্চলটোৰ ৰাইজে। অনাগত সময়ত এনেদৰে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই অঞ্চলটোৰ ৰাইজে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি