অসম ৰাজ্যিক এনএছ ইউ আইৰ উদ্যোগত আৰু কামৰূপ জিলা এন.এছ.ইউ.আইৰ সহযোগত পলাশবাৰীৰ বঙৰা মাজপাৰা চতুৰ্ভূজ সত্ৰৰ খেল পথাৰ প্ৰাংগনত যোৱা ৩০ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ অনুষ্ঠিত কৰা ১১ দিনীয়া বিনামূলীয়া বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি পৰে। সামৰণিৰ দিনা অৰ্থাৎ ১০ এপ্ৰিলত এন এছ ইউ আই ছাত্ৰ সংগঠনটোৱে ৰাতিপুৱা ১০ বজাত শ্ৰী শ্ৰী চতুৰ্ভূজ সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰবোধ তালুকদাৰৰ দ্বাৰা চতুৰ্ভূজ সত্ৰৰ চৌহদত বন্তি প্ৰজ্বলন কৰি সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ১১ বজাত কৰ্মশালাৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অঞ্চলটোত এক বিশাল শোভাযাত্ৰাৰ উলিওৱা হয়। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিজয়নগৰস্থিত গুডলাক হেল্থ কেয়াৰ চেন্টাৰৰ সহযোগত বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে চুগাৰ আৰু হিমগ্লবিন পৰীক্ষা কৰা হয়। দুপৰীয়া ১ বজাৰ পৰা কৰ্মশালাটিত অংশগ্ৰহণ কৰা বিহুনৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত ৬ টা শাখাত এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয়।প্ৰতিযোগিতাখন সুচাৰুৰূপে চলাই নিয়ে ছয়গাওঁৰ কলহী পাৰৰ ৰাংঢালী বিহুৱা দলৰ নেতৃত্বত অহা মানস বাবন ঠাকুৰীয়া, মইনা কলিতা, বনিতা ঠাকুৰীয়া, প্ৰিয়ংকা নাথ, অৰ্জুন কলিতা আৰু দ্বীপজ্যোতি নাথে। বিহুনৃত্যৰ ৫ টা শাখাত প্ৰতিযোগিতা আয়োজন কৰা মুঠ ১৫ জনী নাচনী, ২ জন ঢোল বাদক আৰু এগৰাকী বিজয়ী প্ৰতিযোগিক ট্ৰফিৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা বটাঁ বিতৰণী সভাত উপস্থিত থাকে বঙৰা মাজপাৰা ৰাইজ গয়ৰহৰ সভাপতি সুভাষ চৌধুৰী, জালিমীপাৰা ৰাইজ গয়ৰহৰ সভাপতি মুকুন্দ নাথ, মৰ্মেশ্বৰ নাথ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জুলু চেতিয়া, অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ সভাপতি কৃষাণু বৰুৱা, সাধাৰণ সম্পাদক কৌশিক কাশ্যপ, সম্পাদক নিহাৰ শইকীয়া, ৰক্তিম দত্ত, এন.এছ.ইউ.আইৰ সামাজিক মাধ্যমৰ অধ্যক্ষ হানান আহমেদ, কামৰূপ জিলা এন.এছ.ইউ.আইৰ সভাপতি চাকিল আহমেদ, উপ-সভাপতি ৰমেন বড়ো, সাধাৰণ সম্পাদক গুনিন্দ্ৰ দাস আদি। শেষত বিনামূলীয়াকৈ আয়োজন কৰা বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ প্ৰায় ৩ শতাধিক ছাত্ৰ-ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। ৰাজ্যিক এন.এছ.ইউ.আইৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ নেতৃত্বত আয়োজন কৰা এই কৰ্মশালাটিক একেমুখে শলাগ লয় অঞ্চলটোৰ ৰাইজে। অনাগত সময়ত এনেদৰে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই অঞ্চলটোৰ ৰাইজে।
Trending
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth