পলাশবাৰী মিৰ্জা গোপালপুৰ ৰাইজ গয়ৰহৰ ঐতিহ্যমণ্ডিত ১৯৫৪ চনতে স্থাপিত হোৱা নামঘৰটো পুন: নিৰ্মাণ কৰি আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে। সেয়েহে উক্ত নামঘৰটো ধৰ্মীয় ৰীতি নীতিৰে যোৱা ৫ মে’ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভ-উদ্বোধন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ধৰ্ম ধ্বজা উত্তোলন কৰে দেৱৰু কলিতা আৰু স্মৃতি তৰ্পন কৰে সোণেশ্বৰ কলিতা, ভূপেন কলিতাই। ইয়াৰ পিছতে আয়তীৰ পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বৃক্ষৰোপন কৰা হয়। ৯ বজাত বিগ্ৰহ স্থাপন কৰা হয়। ইয়াৰ পিছতে নামঘৰ মুকলি কৰে প্ৰসন্ন কলিতা আৰু দীনেশ চন্দ্ৰ কলিতাই। ১০ বজাত মণিকূটৰ দ্বাৰ মুকলি কৰে কালিকান্ত দাস, বাণেশ্বৰ কলিতা আৰু ৰুদ্ৰেশ্বৰ কলিতাই।১০.১৫ বজাত কাৰ্যালয় আৰু ভড়াল ঘৰৰ দ্বাৰ মুকলি কৰে উদয় মেধী, চন্দ্ৰধৰ কলিতা, মহেশ চন্দ্ৰ কলিতা,নৃপেন কলিতাই। ১০.৩০ বজাত ভাগৱত পাঠ কৰে উৎপলানন্দ আচাৰ্য আৰু আচাৰ্য কন্দৰ্প শৰ্মাই। ইয়াৰ পিছতে প্ৰসাদ বিতৰণ, আয়তীসকলৰ নাম অনুষ্ঠিত হয়। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন আৰু নাগাৰা নাম অনুষ্ঠিত হয়।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন