পল্লৱ লোচন দাসক সম্বৰ্ধনা জ্ঞাপন

0 258

ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা তেজপুৰ লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ পল্লৱলোচন দাসক ৰঙাপৰাত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সাংসদগৰাকীয়ে দিল্লীত সাংসদ হিচাপে শপত গ্ৰহন কৰাৰ পাছতে প্ৰথমবাৰৰ বাবে ভৰি দিয়ে নিজ সমষ্টিত।ৰঙাপৰা আৰু বালিপৰা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজন কৰা এই সম্বৰ্ধনা সভাখনত পল্লৱলোচন দাসক জাপি শৰাই গামোচা আৰু ফুলৰ থোপাৰে উষ্ম আদৰনি জনোৱা হয় । উল্লেখ্য যে উক্ত সভাত সাংসদ পল্লৱলোচন দাসে কয় যে এই জয় তেওঁৰ জয় নহয় ৰাইজৰ জয়। তেওঁ তেজপুৰ তথা ৰঙাপৰা সমষ্টিবাসীৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি জানিবলৈ দিয়াৰ ওপৰিও ৰঙাপৰা বিধানসভা সমষ্টিৰ বাবে কৰিবলগীয়া বহু আঁচনিৰ কথা জানিবলৈ দিয়ে আৰু পল্লৱলোচন দাসক ৰঙাপৰা সমষ্টিবাসীয়ে যি বিপুল ভোটত জয়লাভ কৰালে তাৰ বাবে সমগ্ৰ সমষ্টি বাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়।

 

Leave A Reply

Your email address will not be published.