পশু চিকিৎসা শিবিৰ অনুষ্ঠিত

0 255

গুৱাহাটীৰ আজাৰা পাটগাওঁস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনীৰ ( এন ডি আৰ এফ ) উদ্যোগত ৩১ আগষ্টত নলবাৰী জিলাৰ বানাক্ৰান্ত অঞ্চল গোবৰাদল আৰু বাকুজাৰী গাঁওত এক পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় , পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সমিতি , জৰুৰী কালীন পশু উদ্ধাৰ গোট আৰু ৱৰ্ল্ড এনিমেল প্রটেকচনৰ সহযোগত অনুষ্ঠিত শিবিৰত ২৪০ টা ছাগলী আৰু ৭৩৮ টা গৰু সহ মুঠ ৯৭৮ টা পশুধনৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ।
 
 
প্ৰথম এন ডি আৰ এফ ৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ তেজ বাহাদুৰ সিঙৰ নেতৃত্বত এটা দলে পশুধনৰ স্বাস্থ্য পৰীক্ষা কৰি গৰাকী তথা পশুপালক সকলক বিভিন্ন ৰোগৰ পৰা নিজৰ পশুধনক ৰক্ষা কৰা , ৰোগ চিনাক্ত কৰা আদি সন্দৰ্ভত বুজাই দিয়ে । ইফালে দুয়োটা অঞ্চলৰ ৰাইজে এনে ধৰণৰ পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা বাবে এন ডি আৰ এফ ৰ শলাগ লয় ।

Leave A Reply

Your email address will not be published.