ভাৰত-পাকিস্তানৰ বাতৰি কাকত আৰু নিউজ চেনেলৰ প্ৰচাৰত নতুন দিল্লী অথবা ইচলামাবাদে বাধা আৰোপ কৰাটো উচিত নহয়। ভাৰতৰ মুখ্য চেনেল সমূহ পাকিস্তানত উপলব্ধ হ’লে আৰু সেই দেশৰ চেনেল সমূহ ভাৰতীয় নিয়মীয়াকৈ চোৱাৰ সুবিধা পাব লাগে। অৱশ্যে ৰাজনৈতিক ক্ষেত্ৰৰ দৰেই সংবাদ ক্ষেত্ৰটো অশুভ শক্তি থাকিব পাৰে। সেই ক্ষেত্ৰত দুই দেশৰ প্ৰশাসন আৰু জনসাধাৰণ সজাগ হোৱাৰ প্ৰয়োজন থাকিব। পাকিস্তানৰ ৰাজধানী ইচলামাবাদৰ পৰা জ্যেষ্ঠ সাংবাদিক মুনীৰ আহমেদে গুৱাহাটী প্ৰেছ ক্লাৱৰ সদস্য-সাংবাদিকৰে হোৱা এক বাৰ্তালাপত এই মন্তব্য প্ৰকাশ কৰে। শুক্ৰবাৰে বিয়লী ভিডিঅ’ কনফাৰেঞ্চৰ সহায়ত আয়োজন কৰা এই অনুষ্ঠানত কয় যে পাকিস্তানৰ সংবাদ মাধ্যম যথেষ্ট স্বাধীন। প্ৰায় ১১ কৌটিৰ আবাসিক দেশখনত দহ খনৰো অধিক মুখ্যধাৰাৰ ইংৰাজী দৈনিক কাকত আৰু বহু সংখ্যক উৰ্দু কাকত আছে বুলি আহমেদে জনায়। আনহাতে বিকল্প সংবাদ লগত প্ৰায় দহকোটি পাকিস্তানী অভ্যস্ত বুলি আহমেদে প্ৰকাশ কৰে। এই ক্ষেত্ৰত উগ্ৰ মন্তব্য অথবা জাতিদ্ৰোহী মন্তব্যৰ ক্ষেত্ৰত কিছূ নীতি নিৰ্দেশনাৰ প্ৰয়োগ আছে বুলি আহমেদে ধাৰণা কৰে।পাকিস্তানৰ বহুল প্ৰচাৰিত ডেইলি টাইমচৰ নিবন্ধকাৰ আৰু পি টি ভি কে ধৰি বিভিন্ন নিউজ চেনেলৰ টকশ্ব’বোৰত অংশগ্ৰহণকাৰী আহমেদে দুয়োখন পাশ্ববৰ্তী দেশৰ মাজত পৰিহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়। এই ক্ষেত্ৰত ৰাজনৈতিক ব্যক্তিসকলে অগ্ৰধিকাৰ লৈ আছে বুলি দাবী কৰি আহমেদে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকৰ অধিক দায়িত্ব আছে বুলি প্ৰকাশ কৰে। অনাহক বিতৰ্ক আৰু সংঘাতৰ প্ৰচুৰ অৰ্থ ব্যয় নকৰিবলৈ দুই দেশৰ সাধাৰণ নাগৰিকৰ জীৱন প্ৰণালী উন্নত কৰাৰ কাৰণে আমি চেষ্টা কৰা উচিত । সেয়েহে দুই প্ৰতিবেশী দেশৰ সঘন অহা যোৱাত আমি গুৰুত্ব আৰোপ কৰিব লাগে। আহমেদে পাকিস্তান ভাৰতৰ মনোৰঞ্জন ধৰ্মীয় চেনেল, বলিউদৰ চলচিত্ৰ আৰু নাট্য সম্ভাৰ অত্যন্ত জনপ্ৰিয় বুলি প্ৰকাশ কৰি আহমেদে দুই দেশৰ সাংস্কৃতিক বিনিময়তো যথোপযুক্ত গুৰুত্ব সপক্ষে যুক্তি দৰ্শায়। অন্য এক প্ৰশ্নৰ উত্তৰত আহমেদে ভাৰত পাকিস্তানৰ চিৰবৈৰিতাৰদ্বাৰা কোনো তৃতীয় শক্তি লাভাম্বিত হৈ থাকিব পাৰে নেকি তেনে এক প্ৰশ্নৰ অৱতাৰনা কৰে। এই ক্ষেত্ৰত ছাৰ্কৰদৰে এছিয়া ভিত্তিত সংস্থা সম্ভাৰ সমূহৰ ভূমিকা থাকিব পাৰে বুলিও তেওঁ কয়।একেদৰে আন্ত:ৰাষ্ট্ৰীয় সংস্থা ৰটাৰী ক্লাৱ, লায়ন ক্লাৱ আদিয়েও যোগাত্মক ভুমিকা পালন কৰিব পাৰে বুলি আহমেদে মন্তব্য প্ৰকাশ কৰে। কাশ্মীৰ প্ৰসংগ উত্থাপন কৰি আহমেদে কাশ্মীৰসকলৰ জন সমৰ্থনৰ ভিত্তিত এই সমস্যা সমাধানৰ সূত্ৰ উলিয়াব লাগে বুলিও আহমেদে মত পোষণ কৰে।
Trending
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা
- গোলাই চোৰ ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত