৪ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ হাৰিয়ানাৰ আৰক্ষী মধুবন খেল ষ্টেডি়য়ামত অনুষ্ঠিত হোৱা সৰ্ব ভাৰতীয় আৰক্ষীৰ পাঞ্জা খেল প্ৰতিযোগিতাত (Arm Wrestling) অসম আৰক্ষীৰ দলে দুটা সোণ,দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি অসম তথা অসম আৰক্ষী লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা পদক বিজয়ী সকল ক্ৰমে আৰক্ষী কনিষ্টবল কন্দৰ্প বৰুৱা (সোণ,৭০কেজি ৰ অনুৰ্ধ্ব ), ২২নং অসম আৰক্ষী বাহিনী, কনিষ্টবল অম্লানজিত বৰঠাকুৰ (সোণ, ৮০ কেজি ৰ অনুৰ্ধ্ব), ১২নং অসম আৰক্ষী বাহিনী, মহিলা আৰক্ষী কনিষ্টবল লভিতা কোচ (ৰূপ , ৫০ কেজি অনুৰ্ধৰ) আৰু মহিলা আৰক্ষী জুনমণি দাস (ৰূপ, ৫৫ কেজি অনুৰ্ধ্ব) দুয়োগৰাকী ২২নং অসম আৰক্ষী বাহিনীৰ আৰু কনিষ্টবল বিনোদ বৰুৱা (ব্ৰঞ্জ, ৮৫ কেজি ৰ অনুৰ্ধ্ব) , ১৩নং অসম আৰক্ষীত কৰ্মৰত। উল্লেখ্য যে কনিষ্টবল কন্দৰ্প বৰুৱাই champion of the champion ৰ শাখাত ফাইনেল ৰাউণ্ডত প্ৰবেশ কৰে আৰু মণিপুৰ ৰ প্ৰতিদ্বন্দ্বী ৰ লগত প্ৰতিদ্বন্দিতা কৰি সামগ্ৰিকভাৱে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন