কামৰূপ মহানগৰ জিলাত অবৈধ অৰু অস্বাস্থ্যসন্মত পানী বটলিং কাৰখানাসমূহ সমূলঞ্চে উৎখাত কৰাৰ লক্ষ্যেৰে উপায়ুক্ত পল্লৱ গোপাল ঝাই গঠন কৰি দিয়া টাস্ক ফৰ্চে জিলাখনৰ বিভন্ন প্ৰান্তত জোৰদাৰ অভিযান আৰম্ভ কৰিছে। কেতবোৰ ৰাজহুৱা অভিযোগৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্য ৰক্ষাৰ বাবে জিলা প্ৰশাসনে চক্ৰ বিষয়া, দণ্ডাধীশ, আৰক্ষী খাদ্য সুৰক্ষা বিষয়া তথা গুৱাহাটী পৌৰ নিগমৰ বিষয়াৰ দ্বাৰা গঠন কৰা ‘টাস্ক ফৰ্চে’ ইতিমধ্যে জিলাখনৰ কেবাটাও অনুমতিবিহীন, অস্বাস্থ্যসন্মত পানী বটলিং কাৰখানা তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে। পেচিফিক ৱাটাৰ, চিউৰ লাইফ, ট্ৰেপিষ্ট-১, ৰাইনো একুৱা, জী ড্ৰপচ্, হেল্ল’ ৱাটাৰ, হেভেন ডিউ, পিওৰ একুৱা, পিয়াছা ড্ৰপ আৰু লগতে কেবাটাও নামহীন পানী বটলিং কাৰখানা বন্ধ কৰি দিয়াৰ পিছত মন্তব্য প্ৰকাশ কৰি উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কয় যে বৃহত্তৰ স্বাৰ্থৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থা জিলাখনৰ পৰা এনে অসাধু চক্ৰ সম্পূৰ্ণভাৱে উৎখাত নকৰা পৰ্যন্ত চলি থাকিব।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন