পাব্লিক ৰিলেচনচ চ’ছাইটি অফ ইণ্ডিয়াৰ অধিবেশন সম্পন্ন

0 246

পাব্লিক ৰিলেচনচ চছাইটি অফ ইণ্ডিয়া ৰ গুৱাহাটী খণ্ডই “এক কাপ পি আৰ ৰিচেট ২০:২০ এণ্ড বিয়ণ্ড” শীৰ্ষক এক বুদ্ধিদীপ্তি অধিবেশনৰ জৰিয়তে ইয়াৰ ৱেবিনাৰ চিৰিজৰ শুভাৰম্ভ কৰে।
 
 
উদ্যোক্তা তথা পৰামৰ্শদাতা তথা ভাৰতৰ ৫১ গৰাকী সবাতোকৈ অনুপ্ৰেৰণামূলক নাৰীৰ তালিকাত স্থানপ্ৰাপ্ত ২০১৬-২০১৭ আৰু মহাত্মা গান্ধী নেচনেল এৱাৰ্ড ২০২০ বঁটা প্ৰাপ্ত জুতিকা মহন্তৰ সৈতে এক বুদ্ধিদীপ্ত অধিবেশন অনুষ্ঠিত হয়।
 
 
তেওঁৰ উদ্যোগত আৰম্ভ হোৱা ‘বলীউড কাউছ বলিউড আৰু উত্তৰ-পূব ভাৰতৰ মাজত এক সাঁকো হিচাপে কাৰ্যকৰী হৈ উত্তৰ-পূৱৰ সৃষ্টিমূলক প্ৰতিভা সমূহ দৃষ্টিগোচৰ কৰি সঠিক মাধ্যমৰ সৈতে যোগসূত্ৰ স্থাপনত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
 
গুৱাহাটী খণ্ডৰ সহ:অধ্যক্ষ ৰুমা চক্ৰৱৰ্তীৰ মধ্যস্থতাত অনুষ্ঠিত বৈঠক খনত জুতিকা মহন্তই তেওঁৰ মুম্বাইলৈ যাত্ৰা আৰু দেশৰ সৰ্ববৃহৎ মিডিয়া গোষ্ঠীসমূহৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে বক্তব্য আগবঢ়ায়।
 
 
তেওঁ লগতে কেনেদৰে পৰম্পৰাগত আৰু ডিজিটেল পি আৰ’ৰ সংমিশ্ৰণ ঘটাই ফলপ্ৰসূ ইমেজ আৰু ব্ৰেণ্ড নিৰ্মান কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে।গুৱাহাটীৰ খণ্ডৰ অধ্যক্ষা মধুচন্দ্ৰা অধিকাৰী আৰু সচিব সীতা বৰুৱাইও পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খাই চলা তথা সংগঠন সমূহৰ বাবে জনসম্পৰ্কৰ গুৰুত্ব সম্পৰ্কে মতামত ব্যক্ত কৰে। ৱেবিনাৰখনত দেশৰ তথা গুৱাহাটীৰ পি আৰ এছ সদস্য সমূহ তথা গুৱাহাটীৰ বিভিন্ন প্ৰতিষ্ঠানৰ মাছ কমিউনিকেচন আৰু জাৰ্নেলিজমৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
 
 
পি আৰ এচ আই ১৯৫৮ চনত স্থাপিত পাব্লিক ৰিলেচনচ চছাইটি অৱ ইণ্ডিয়া হৈছে দেশৰ পি আৰ আৰু কৰ্পৰেট কমিউনিকেচন পেছাধাৰী ব্যক্তি সকলৰ শীর্ষতম সংস্থাপন যি জনসাধাৰণক জনসম্পৰ্ক ৰক্ষাক কৰ্মসংস্থান হিচাপে লোৱা স্বীকৃতি প্ৰচাৰ আৰু বাখ্যা কৰে তথা কৌশলগত ব্যৱস্থাপনা কৰ্ম হিচাপে ইয়াৰ সম্ভাৱনীয়তা সম্পৰ্কে অৱগত কৰে।
 
 
পি আৰ এছ আইৰ ২৫ টা খণ্ডৰ অন্যতম আৰু কৰ্পৰেট কমিউনিকেচনচ আৰু বিজ্ঞাপন পেছাধাৰী ব্যক্তিসকলৰ বাবে ক্ষেত্ৰখনক সৰ্বোত্তম চৰ্চা আৰু মত বিনিময় কৰাৰ উদ্দেশ্য এক প্ৰাণৱন্ত মাধ্যম প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

Leave A Reply

Your email address will not be published.