পাৰ্থ সাৰথি মহন্তৰ পৰিচালিত ‘দ্য ‘লাচিত: ৱাৰিয়ৰলৈ বীৰচা মুণ্ডা আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ শ্ৰেষ্ঠ এনিমেশ্যন ছবি বঁটা

0 160

অসমৰ এখন এনিমেশ্যন ছবিয়ে আৰু এটা শ্রেষ্ঠত্বৰ সন্মান লাভ কৰিছে।অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, সাংস্কৃতিক কৰ্মী পাৰ্থসাৰথি মহন্তই মহাবীৰ লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ আধাৰত নির্মিত চুটি ছবি লাচিত: দ্য ৱাৰিয়ৰয়ে শ্রেষ্ঠ এনিমেশ্যন ছবিৰ বঁটা লাভ কৰিছে চেন্নাইত অনুষ্ঠিত বীৰচা মুণ্ডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো।মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাত আৰু পাৰ্থসাৰথি মহন্তৰ পৰিচালনাত নির্মিত এই চুটি ছবিখনৰ ধাৰাভাষ্যকাৰ হৈছে বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ,প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী। ছবিখনৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ অনুপম মহন্ত, ষ্টৰী বর্ডিং হৃষীকেশ বৰা আৰু ভি এফ এক্স কৰিছে ৰাতুল দত্তই। লক্ষণীয় যে মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ,উত্তৰ-পূব চলচ্চিত্র মহোৎসৱকে ধৰি এতিয়ালৈকে ৮খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত লাচিত: দ্য ৱাৰিয়ৰ প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছে।এনিমেশ্যন ছবিখনে গোৱাত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ভাৰতীয় পেনোৰামাৰ বাবেও নিৰ্বাচিত হৈছে।

Leave A Reply

Your email address will not be published.