পি এচ ইউ লিডাৰ শ্বীপ বঁটা লাভ কৰিলে এন আৰ এলৰ পৰিচালন সঞ্চালকে

0 261

গৱৰ্নেন্স নাওঁৰ সপ্তম পি এড ইউ এৱাৰ্ড বটাঁ প্ৰদান অনুষ্ঠানত পৰিচালন সঞ্চালক এচ কে বৰুৱাক পি এচ ইউ লিডাৰশ্বিপ এৱাৰ্ড বটাঁৰে সন্মানিত কৰে ৷ গুৰু উদ্যোগ তথা লোক উদ্যম বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী  অৰ্জুন ৰাম মেঘাৱলে তেখেতক বটাঁ প্ৰদান কৰে৷
ইয়াৰ উপৰিও পৰিৱেশ আৰু সৱলীকৰণ তথা ষ্টাৰ্ট আপত বিনিয়োগ খণ্ডৰ ক্ষেত্ৰত এন আৰ এলে অন্য এক বটাঁও লাভ কৰে ৷ উল্লেখযোগ্য যে ” গৱৰ্নেন্স নাওঁ ” হৈছে গণ নীতি তথা দেশীয় কাৰ্যক্ৰমৰ বিষয়ত এচ এ বি গ্ৰুপৰ উদ্যোগত প্ৰকাশিত এখন পষেকীয়া প্ৰত্ৰিকা ৷ তেওঁলোকৰ উদ্যোগত অনুষ্ঠিত পি এড ইউ এৱাৰ্ডৰ মাধ্যমেৰে দেশৰ অৰ্থনৈতিক তথা সামাজিক বিকাশৰ ক্ষেত্ৰত পি এড ইউ সমূহৰ অগ্ৰণী ভূমিকাক যথোচিত স্বীকৃতি তথা সন্মান প্ৰদান কৰা যায় ৷

Leave A Reply

Your email address will not be published.