পি পি ই কীট উৎপাদনত ভাৰত দ্বিতীয় স্থানত

0 258

ক’ৰণাৰ সন্ত্ৰাসৰ মাজতে দেশবাসীৰ বাবে আছে এটা সুখবৰ। ক’ৰণা প্ৰতিৰোধৰ সেৱাত ব্যৱহৃত হোৱা পি পি ই কীট উৎপাদন কৰা বিশ্বৰ দেশ সমূহৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। উল্লেখ্য যে ক’ৰণা প্ৰতিৰোধৰ বাবে  পি পি ই কীটৰ বাবে প্ৰয়োজনীয়তা আহি পৰিছিল। ক’ৰণাৰ অতিমাত্ৰা বৃদ্ধিৰ ফলত পি পি ই কীটৰ বাবে সমগ্ৰ দেশতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আনকি চীনৰ পৰাও অসমেও ক্ৰয় কৰিছিল এই পি পি ই কীট।
 
 
 
দুমাহৰ ভিতৰত দৈনিক এক লাখ সত্তৰ হাজাৰ পি পি ই কীট উৎপাদন কৰি বিশ্বৰ আগশাৰীৰ দেশক পিছ পেলাই দ্বিতীয় স্থান দখল কৰিছে ভাৰতে। পি পি ই কীট প্ৰস্তুত কৰাৰ পূৰ্বে একপ্ৰকাৰৰ চিন্তিত হৈ পৰিছিল চৰকাৰ। এই কথা তথ্য সহকাৰে প্ৰকাশ পাইছে মিনিষ্ট্ৰি অৱ টেক্সটাইলছৰ এক তথ্যত। ক’ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দুই লাখ পি পি ই কীট উৎপাদনৰ লক্ষ্য বান্ধিছে কেন্দ্ৰীয় চৰকাৰে।

Leave A Reply

Your email address will not be published.