পুনৰ কাজিৰঙাৰ দ্বাৰ মুকলি হ’ল

0 246

IMG-20161004-WA0009

বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি যোৱা ১অক্টোবৰত  কাজিৰঙা ৰাষ্টীয় উদ্যানৰ বাগৰি বনাঞ্চল আৰু কহৰা বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে। উল্লেখযোগ্য ৰে কাজিৰঙা অভৰাণ্য  পৰ্যটকৰ বাবে প্ৰতিবছৰে নবেম্বৰ মাহত মুকলি কৰি দিয়ে যদিও এইবাৰ এমাহৰ পূৰ্বে পৰ্যটকৰ ববে মুকলি কৰি দিয়া কাৰ্য্যই পৰ্যটকৰ মনত আশা বাতৰি কঢ়িয়াই আনিছে। কহৰা বনাঞ্চলৰ দ্বাৰ মুকলি কৰে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্মই আৰু লগত সংগ দিয়ে কৃষিমন্ত্ৰী অতুল বৰাই। আনহাতে বাগৰি বনাঞ্চল মুকলি কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ দ্বাৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা সম্ভাৱনা  প্ৰকট হৈ উঠিছে।

IMG-20161004-WA0010

স্মৰ্তব্য যে ধনশিৰিমুখ জনজাতি হাইস্কুলত উক্তদিনা গড় সংৰক্ষণমূলক এক সজাগতা সভা অনুষ্ঠিত হয়। সেই সভাত বন্যপ্ৰাণী আক্ৰমণ নিহতজনৰ পৰিয়ালবৰ্গলৈ (পূৰ্বে নিৰ্দ্ধাৰিত ১লাখ টকাৰ পৰিবৰ্তে) ৩ লাখ টকাৰ এককালীন সাহাৰ্য্যৰ কথা বনমন্ত্ৰীয়ে ঘোষণা কৰে। লগতে কাজিৰঙা পাশ্ববৰ্তী গাওঁ সমুহৰ উন্নয়নৰ বাবে ১ কোটি টকা দিয়াৰ কথা ঘোষণা কৰে। এনে সুখবৰে কাজিৰঙাবাসী ৰাইজৰ লগতে প্ৰতিজন সুহৃদক আনন্দিত কৰি তুলিছে।

IMG-20161004-WA0011

Leave A Reply

Your email address will not be published.