আন্তর্জাতিক যোগ দিবসৰ লগত সংগতি ৰাখি পূৰ্বাঞ্চল গ্ৰাম্য মহিলা যোগা ফাউণ্ডেশ্যনে ইণ্ডিয়ান যোগ কালচাৰ আৰু যোগ থেৰাপি চেন্টাৰৰ সহযোগত হাতত লোৱা এমহীয়া কাৰ্যসূচীৰে যোগ সজাগতা আঁচনিৰ শুভাৰম্ভনীৰ এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত ফাউণ্ডেশ্যনৰ আঁচনিত থকা দহটা হৰিজন সম্প্ৰদায়ৰ কলনিত বিনামূলীয়া যোগ প্ৰট’কল ট্ৰেইনিং তথা প্ৰাগ চেনেলে দিয়া আৰ্থিক অনুদানেৰে ৩০০ টি-চাৰ্ট বিতৰণৰ কথা উল্লেখ কৰে আৰু মুঠতে ১৫ জনক সংবাদমেলত টি-চাৰ্ট বিতৰণৰ কৰি টি-চাৰ্ট বিতৰণৰ কাৰ্যৰ আৰম্ভনী কৰা হয়। আঁচনিত থকা আৰু দুটা সিদ্ধান্ত যথা অসমৰ যিকোনো দহখন গাঁৱৰ মহিলাসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে যোগ প্ৰট’কল ট্ৰেইনিং , ১৬ জুনত যোগাসন প্ৰতিযোগীতা হাইলাকান্দিৰ কাঠনিচৰাত অনুস্থিত কৰাৰ কথা উল্লেখ কৰে।সংবাদমেলৰ আৰম্ভনী বন্তি প্ৰজ্বলনেৰে কৰা হয়। বন্তি আঁত ধৰে ড° মাধন বৰা, চিকটা দেৱ কৰ,জেফৰিণ হাজৰিকা ,প্ৰিয়ংকা মিশ্ৰা, নিশা চক্ৰৰ্ৱতীয়ে। সংবাদমেলত যোগাৰ অনুৰাগী তথা ফাউণ্ডেশ্যনৰ বিভিন্ন শুভাকাংক্ষী উপস্থিত থাকে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি