সমাগত পৌৰসভা নিৰ্বাচন। পলাশবাৰী পৌৰসভা নিৰ্বাচন ২০২২ সন্দৰ্ভত আজি পলাশবাৰী টাউনৰ বিজেপিৰ কাৰ্যালয়ত দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত এখন সংবাদ মেল অনুষ্ঠিত কৰে। দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে সম্বোধন কৰা সংবাদমেলত বিজেপিয়ে ৰাজ্যৰ পৌৰসভা নিৰ্বাচন ২০২২ ‘সংকল্প পত্ৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰে। এই সংকল্প পত্ৰত চহৰৰ আন্তগাঁথনি উন্নয়ন,পানী যোগান, স্বচ্চতা, মাষ্টাৰ প্লেন, ষ্ট্ৰীট লাইট আৰু আলোক সজ্জা, উদ্যানকে ধৰি বিভিন্ন ধৰণৰ সংকল্পৰে মুকলি কৰে সংকল্প পত্ৰ। সংবাদমেলতে বিজেপিয়ে পৌৰসভাত প্ৰক্ষেপ কৰা প্ৰতিজন প্ৰাৰ্থী জয়ী হ’ব বুলি সংবাদ মেলত সদৰি কৰে। এই সংবাদমেলত জিলা প্ৰভাৰী জয়ন্ত ডেকাই অংশগ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে। লগতে ৰাইজ বাবে আঁচনিবোৰ সুচাৰুৰূপে ৰূপায়ণ কৰিব বুলি কয়। সভাপতি ধনেশ্বৰ তালুকদাৰক পলাশবাৰী পৌৰসভাৰ কেইবাটাও সমস্যাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাত পাৰ্যমানে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। পৌৰসভাৰ নিৰ্বাচনত বিজেপি-অগপ মিত্ৰজোটৰ আটাইগৰাকী প্ৰাৰ্থীয়ে জয়যুক্ত হ`ব বুলি মত প্ৰকাশ কৰে সভাপতি তালুকদাৰে।আনহাতে পলাশবাৰী পৌৰসভাত বাৰুকৈয়ে চৰ্চিত হৈ আছে ৫ নং ৱাৰ্ড। ৫ নং ৱাৰ্ডত অসম জাতীয় পৰিষদে প্ৰক্ষেপ কৰা সুধন্ন চন্দ্ৰ কলিতা নামৰ প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত প্ৰমানপত্ৰক লৈ বেমেজালি থকা বুলি নিৰ্বাচন আয়োগে নাকচ কৰিছিল প্ৰাৰ্থীগৰাকীৰ মনোনয়ন। তাৰ পিছতে বিজেপিৰ ৫ নং ৱাৰ্ডৰ প্ৰাৰ্থী ৰাতুল শৰ্মা বিনা প্ৰতিদ্বন্দিতাই জয়ী হোৱা বুলি বিজেপিৰ দলীয় নেতা-কৰ্মীসকলৰ পৰা জানিবপৰা গৈছিল। কিন্তু তাৰ পিছতে আদালতৰ কাষ চাপিছিল অসম জাতীয় পৰিষদৰ ৫ নং প্ৰাৰ্থীগৰাকীয়ে। উল্লেখ্য যে ৱাৰ্ডটোত নিৰ্বাচন সন্দৰ্ভত বৰ্তমানেও নিৰ্বাচন আয়োগে কোনোধৰণৰ স্থিতি দিয়া নাই বুলি সংবাদ মেলত মন্তব্য কৰে। পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰাক্তন পৌৰপতি ৰাতুল শৰ্মা আৰু অজাপৰ সুধন্ন চন্দ্ৰ কলিতাৰ প্ৰতিদ্বন্দিতাৰ সন্দৰ্ভত সোধা প্ৰশ্নত ৰাতুল শৰ্মাই জয়ী হ’ব বুলি সংবাদ মেলত উল্লেখ কৰে। আজিৰ এই সংবাদমেলত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনুপ কুমাৰ মেধি, অঞ্জন গোস্বামী, দীপক তালুকদাৰ, জিলা সম্পাদক অনুপম বৰদলৈ, জিলা সম্পাদক পৰমানন্দ দাস, বিজেপিৰ টাউন মণ্ডলৰ প্ৰাক্তন সভাপতি দুৰ্লভ কলিতাকে ধৰি কেইবাজনো বিজেপিৰ কৰ্ম কৰ্তাই উপস্থিত থাকে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা