নিৰ্বাচন আয়োগে আজি অসমত পৌৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। ঘোষিত সময়সূচী অনুসৰি ৬ মাৰ্চত পৌৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।শিলচৰ পৌৰ নিগমৰ বাহিৰে ৮০ খন পৌৰ সভা আৰু নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।আদালতত গোচৰ চলি থকা বাবে শিলচৰত নিৰ্বাচন অনুষ্ঠিত নহয় বুলি আয়োগে জানিবলৈ দিয়ে।৬ মাৰ্চত ভোটগ্ৰহণৰ পিছত ৯ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব।পৌৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৫ ফেব্ৰুৱাৰী।আনহাতে ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব।প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ উঠাই লোৱাৰ সীমা ২১ ফেব্ৰুৱাৰীত ধাৰ্য কৰা হৈছে।৮০ পৌৰসভা, নিগমৰ অন্তৰ্গত ৯৭৭ ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৩৩ গৰাকী পৰ্যৱেক্ষকে নিৰীক্ষণ কৰিব সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া।ভোট গ্ৰহণৰ বাবে ৫৯০০ টা ইভিএম সাজু কৰা হৈছে বুলি জানিব পৰা গৈছে।নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ বাবে আয়োগে বিভিন্ন ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচনী প্রচাৰত ৰ’ড শ্ব’ আৰু ৰেলী নিষিদ্ধ কৰিছে আয়োগে। ঘৰে-ঘৰে গৈ নিৰ্বাচনী প্রচাৰ চলাব পাৰিব প্ৰাৰ্থীয়ে।কেৱল ১৫জন ব্যক্তিহে যাব পাৰিব নিৰ্বাচনী প্রচাৰত। অন্যহাতে আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছে।উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰি ৬০ টা কৰা হয়।তদুপৰি এতিয়াৰে পৰা এৰিয়া সভাৰ কোনো সদস্য নাথাকিব। কেৱল কাউঞ্চিলৰহে সদস্য হিচাপে নিৰ্বাচিত বিষয়া থাকিব।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা