প্ৰকল্প পৰিচালক সকলৰে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্তৰ বৈঠক অনুষ্ঠিত

0 207

ৰাজ্যখনৰ আৰ্থ-সামাজিক উত্তৰণ আৰু বিকাশত অৰিহণা যোগোৱাৰ দৃষ্টিকোণেৰে কুটিৰ শিল্প, কৃষি, পশু-পালন, হস্ত-তাঁত-বস্ত্ৰ, ৰেচম, উদ্যান-শস্য, মৎস্য পালন, দুগ্ধ উৎপাদন আদিৰ প্ৰতি আত্মসহায়ক গোট বিলাকক উদ্গনি আৰু উৎসাহ বঢ়োৱাৰ উদ্দেশ্যে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশে, ভা: প্ৰ: সে:, মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত ৰঙিয়া, কমলপুৰ আৰু বিহদিয়া-জাজিকোণা খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ প্ৰকল্প পৰিচালক সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । সহকাৰী আয়ুক্ত চম্পক ডেকাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰঙিয়া পৌৰসভাৰ সহকাৰী অভিযন্তা গৌতম কলিতা, ৰঙিয়া আৰু কমলপুৰ উন্নয়ন খণ্ডৰ প্ৰকল্প পৰিচালক ক্ৰমে সংযুক্তা ৰাজখোৱা আৰু মনালিছা দাস, বিহদিয়া-জাজিকোণাৰ খণ্ড সমন্বয়ক ভনীতা হালৈ, জীৱিকা অভিযানৰ কৰেন লহকৰ , ৰঙিয়া পৌৰসভাৰ কৰ্মচাৰী ৰমেশ শৰ্মা উপস্থিত থাকে ।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাৰ

Leave A Reply

Your email address will not be published.