সাহিত্য সাংস্কৃতিক অনুষ্ঠান প্ৰতিধ্বনিয়ে বিভিন্ন সময়ত সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে স্বনামধন্য ব্যক্তিসকলক সময়ে সময়ে সন্মান জনাই আহিছে। আজি প্ৰতিধ্বনিৰ উদ্যোগত পলাশবাৰীৰ সাংস্কৃতিক বিকাশ ভৱনত ‘শীতৰ কুৱলি ফালি’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জগদীশ পাটগিৰি, পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতা আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কেবাগৰাকীও শিল্পী সাহিত্যিকক বিশেষ সম্বৰ্ধনা জনোৱা হয়। প্ৰতিধ্বনিৰ সভাপতি হোমেন মেধি আৰু সম্পাদক শংকৰ কুমাৰৰ সম্পাদনত ‘কুৰি বছৰৰ নিৰ্বাচিত কবিতা’ নামৰ এখনি কবিতাৰ সংকলন জগদীশ পাটগিৰি আৰু অনিমা ঠাকুৰীয়াৰ’ জীৱন বাটৰ পথিক’ কাব্য পুথিখন উন্মোচন কৰে বিধায়ক কলিতাই। তাৰ পিছতেই কেবাগৰাকীও নবীন প্ৰৱীণ কবিয়ে কবিতা পাঠ কৰে। আনহাতে, উক্ত অনুষ্ঠানতেই কেবাগৰাকীও শিল্পী সাহিত্যিকক বিশেষ সম্বৰ্ধনা জনোৱা হয়। সাহিত্যিক- সাংবাদিক কিশোৰ কুমাৰ কলিতাই দিৰ্ঘদিন ধৰি বিভিন্ন দিশত বৰঙণি আগবঢ়াই অহাৰ বাবেই তেওঁক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে বন্তিৰাম তালুকদাৰ, হৰেন দাস আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
Trending
- সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ উদ্যোগত-প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা
- প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ হিতাধিকাৰীৰ পঞ্জীয়ন শিবিৰ সম্পন্ন
- শিলচৰত মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ বিতৰণ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা
- ই ডি আইৰ উদ্যোগত থলুৱা শিপিনীক উৎসাহিত কৰাৰ বাবে শুৱালকুছিৰ ৰাস মহোৎসৱত হস্ততাত আৰু বস্ত্ৰশিল্পৰ বিপনী
- এন চি চি দিৱসত দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ
- গুৱাহাটীত অসম দৃষ্টিহীন ক্ৰিকেট দল আৰু অনাথ শিশুসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অষ্ট্ৰেলিয়ান দূতাবাসৰ কনচুল জেনেৰেল ৰোৱান আইনছোৱৰ্থ- কোনো প্ৰত্যাহ্বানতে মনোবল নেহেৰুৱাই সাহস আৰু উদ্যমৰে আগবাঢ়ি যোৱাৰ আহ্বান
- চিত্ৰগৃহত সগৌৰৱে চলিছে ৰঙাটাপু-১৯৮২-মুক্তিৰ তিনিদিনত ৩৮ লাখ টকাৰ ব্যৱসায়ঃ দৰ্শনীৰ সংখ্যা দুগুণ বৃদ্ধি
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উদ্যোগত ‘সংবিধান দিৱস’ পালন
- কাঁহিকুছিত বিজেপিৰ গুৱাহাটী বিমানকোঠ মণ্ডলৰ মূখ্য কাৰ্যালয় মুকলি -লোকসভা নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ
- কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত লাচিত দিৱস পালন