দক্ষিণ কামৰূপৰ উপৰহালীস্থিত চিলাৰায় ভৱন প্ৰাঙ্গনত দক্ষিণ কামৰূপ জিলা আৰু পলাশবাৰী আঞ্চলিক সমিতিৰ সহযোগত খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে। ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পিছতে সংগ্ৰাম সমিতিয়ে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন সংবাদ মেল আয়োজন কৰে।দক্ষিণ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক মন্টু আলীয়ে আঁত ধৰা সংবাদ মেলখনত কেন্দ্ৰীয় সভাপতি ৰমেশ মালীয়ে অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠী বাসভূমি অসমক পুনৰ দ্বিখণ্ডিতকৰণ কৰা কাৰ্য বন্ধ কৰা, বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য আৰু সংস্কৃতিৰ সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু প্ৰতিটো জতি জনগোষ্ঠীক ন্যাৰ্য প্ৰদান কৰা, অবৈধ ভাৱে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰী সকলক বিদেশী বিতৰণ আইন ১৯৫১ আধাৰত বহি:স্কাৰ কৰা আদি বিভিন্ন ২০ দফীয়া দাবী সমূহ উত্থাপন কৰি ৰাজ্য চৰকাৰক কাৰ্যকৰী কৰিবলৈ সংবাদ মেলৰ জৰিয়তে আহ্বান জনায়। সংবাদ মেলত দক্ষিণ কামৰূপ জিলা, পলাশবাৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন