প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ অসম ভ্রমণ সন্দৰ্ভত দিছপুৰত মন্ত্রী বিমল বড়া অধ্যক্ষতাত গুৰুত্বপূর্ণ বৈঠক

0 253

এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাততলৈ অহা ২৩ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং। উল্লেখ্য যে বাংলাদেশৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা নগৰাকীকৈ সৈনিকৰ বিধৱা পত্নী, আঘাত প্ৰাপ্ত ছগৰাকী সৈনিক, দুগৰাকী যুদ্ধ বন্দী সৈনিক আৰু এই যুদ্ধত অংশগ্ৰহণ কৰি মহীয়ান হোৱা ৭২ গৰাকী অসমৰ সৈনিকক প্রথম বাৰৰ বাবে ৰাজহুৱা ভাৱে সম্বদ্ধনা জনোৱাৰ উদ্দেশ্যে চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী গৰাকীয়ে অংশগ্ৰহণ কৰিব। দেশৰ প্ৰতিৰক্ষা মন্ত্রী গৰাকীৰ এই ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত আজি দিছপুৰৰ জনতা ভৱনৰ নিজ কার্যালয়ত শক্তি, সাংস্কৃতিক আদি বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত উচ্চ পর্যায়াৰ এক বৈঠক অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব এম এছ মনিৱন্নন, গৃহ বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিব দেবজ্যোতি দত্ত, জনসংযোগ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাকে ধৰি কেবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ লগতে সেনাবাহিনীৰ কেবাগৰাকীও বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কেন্দ্রীয় মন্ত্রী গৰাকীৰ এই ভ্ৰমণৰ প্ৰস্তুতিসন্দৰ্ভত বিতং ভাৱে পৰ্যালোচনা কৰা হয়৷ জনগণৰ মাজত দেশ প্ৰেমৰ ভাৱে জাগ্রত কৰাৰ বাবে লব লগা ব্যবস্হা, সাংস্কৃতিক কাৰ্যসূচী আদিৰ সন্দৰ্ভত বিশদভাবে আলোচনা কৰাৰ পাছত মন্ত্রী বিমল বড়াই বিষয়া সকলক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.