উত্তৰ পূৰ্বাঞ্চলত ক্ৰমবৰ্ধমান আৰ্কিটেক ডিজাইনাৰ সকলৰ প্ৰতি লক্ষ্য ৰাখি হেফেলেয়ে গুৱাহাটীৰ ৰেডিছন ব্লুত প্ৰথমবাৰলৈ সাতোখন ৰাজ্যৰ মাজত বিশেষভাৱে আৰ্কিটেক্ট ডিজাইনাৰ সকলৰ বাবে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে।এই অনুষ্ঠানত সাতোখন ৰাজ্যৰ ১৪টা শ্ৰেষ্ঠ ডিজাইন প্ৰকল্প চিনাক্ত কৰি ইয়াৰ পৰা ৭ টা ভিন্ন শাখাত পুৰস্কাৰ প্ৰদান কৰা হয়।বঁটা সমূহ প্ৰদান কৰে মুখ্য অতিথি আৰ্কিটেক্ট প্ৰকাশ শান্দিল্য,অমিতাভ শৰ্মা,জয় প্ৰকাশ প্ৰসাদ,সঞ্জয় স্বামী,গণেশ প্ৰভু আৰু ডিজাইনাৰ সমাজৰ বিশিষ্ট ব্যক্তিসকলে।উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখন জানুৱাৰী মাহত অসম আৰ্কিটেক্ট সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল।ইয়াত সাতখন ৰাজ্যৰ ৮০টাত কৈও অধিক আৰ্কিটেকচাৰ ফাৰ্মৰ পৰা আবেদন কৰিছিল।সঠিক মূল্যায়নৰ বাবে চুড়ান্ত বিজয়ী বাচনিৰ পূৰ্বে মুম্বাইৰ জুৰীয়ে আবেদন সমূহ ৪০ বছৰ উৰ্ধৰ আৰু ৪০ বছৰৰ অনুৰ্ধৰ শাখাত বিভক্ত কৰিছিল।অনুষ্ঠানটোত আৰ্কিটেক্ট উপেন কাকতিক তেওঁৰ সেৱা আৰু গুৱাহাটীৰ স্থাপত্য মানকলৈ আগবঢ়োৱা অৱদানৰ বাবে জীৱনযোৰা সন্মানীয় সাফল্যপ্ৰাপ্তি পুৰস্কাৰ প্ৰদান কৰা হয়।উল্লেখ্য যে হেফেলে ইণ্ডিয়া হৈছে হেফেলে গ্ল’বেল নেটৱৰ্কৰ অধীনস্থ এক সংস্থা।পৰিচালন সঞ্চালক জুৰ্গেন উল্ফ নেতৃত্বত এই উদ্যোগটোৱে ২০০৩ চনৰ পৰা সেৱা আগবঢ়াই আহিছে।উদ্যোগটোৱে ভাৰতৰ বৈচিত্রময় বজাৰখনত স্থাপত্য হাৰ্ডৱেৰ,আচবাব আৰু পাকঘৰৰ ফিটিংছসমূহৰ উপৰিও আনুসংগিক সামগ্রী লাইট,ছেনিটাৰী আদি শাখাতো আধিপত্য বিস্তাৰ কৰিছে।উত্তৰ পূবত হাফেলেয়ে ইয়াৰ ডীলাৰ সহযোগীসকলৰ সৈতে প্ৰায় এটা দশক ধৰি সেৱা আগবঢ়াই আহিছে।গুৱাহাটীত ব্ৰেণ্ডটোৱে ইয়াৰ ফ্ৰেঞ্চাইজী সহযোগী দিছপুৰ এণ্টাৰপ্ৰাইজৰ সহযোগত বাৰ্ষিক ১০ কোটি টকাৰ টাৰ্ণ অভাৰ কৰিবলৈ সমৰ্থ হৈছে।শ্বিলঙতো হেফেলেয়ে ইয়াৰ সহযোগী ডিজাইন ই আই ব্ৰেণ্ডৰ সৈতে বিগত পাঁচ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ