দেশত বানপানী, ভূমিকম্প, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক আৰু কেতবোৰ মানৱসৃষ্টকে ধৰি যিকোনো দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে কুৰি বছৰ আগতে ২০০৫ চনৰ ১৯ জানুৱাৰীত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনত গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ( এন ডি আৰ এফ) কেবাটাও বেটেলিয়ান। মূলতঃ কেন্দ্ৰীয় সশস্ৰ আৰক্ষী বাহিনীৰ অধীনৰ বি এছ এফ, চি আৰ পি এফ , এছ এছ বি, আই টি বি পি, চি আই এছ এফ, আসাম ৰাইফলছৰ কেবাটাও বেটেলিয়ানক লৈ গঠন কৰা হৈছিল এন ডি আৰ এফ। আনহাতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাজনো ৰাজ্যৰ দুৰ্যোগত আক্ৰান্ত লোকক সহায়ৰ বাবে গঠন কৰা বি এছ এএফৰ ১২৮ বেটেলিয়ানক লৈ গঠন কৰা প্ৰথম এন ডি আৰ এফ বেটেলিয়ানটোৰ মুখ্য কাৰ্যালয়টো স্থাপন কৰা হয় গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত। ইফালে মুখ্য কাৰ্যালয় চৌহদত প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰথম এন ডি আৰ এফৰ কমাডেণ্ট এইচ পি এছ কাণ্ডাৰীয়ে কয় যে বৰ্ত্তমান বেটেলিয়ানটোক অসমৰ উপৰিও ত্ৰিপুৰা , মেঘালয় আৰু মিজোৰামৰ দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আনকি ডিমা হাছাও জিলাত কিছুদিন আগতে কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে প্ৰথমদিনাৰে পৰা চলি থকা উদ্ধাৰ অভিযানত বাহিনীটোৰ এটা দল নিয়োজিত হৈ আছে। বিগত সময়চোৱাত বাহিনীটোৰ সাহসী জোৱান সকলে অসম, ত্ৰিপুৰা, মেঘালয় ৰাজ্যত নিজৰ জীৱনক তুচ্ছ কৰিও ১,২৩,৮৮৭ জনক বানপানী, ভূমিস্খলন আদিৰ দৰে দুৰ্যোগত আক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্ত্তমান বাহিনীটোৱে আক্ৰান্ত লোকক উদ্ধাৰ কৰাৰ বাবে অত্যাধুনিক যন্ত্ৰ আৰু পদ্ধতি ব্যৱহাৰ কৰিছে।
Trending
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন