নিৰ্বাচনৰ বতৰ।চৌদিশে ৰাজনীতিৰ বতাহ বলিছে ।সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অলপতে চ’চিয়েল মেডিয়াত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰে মে ভি চকীদাৰ শীৰ্ষক এক ভি ডি অ’।মাইক্ৰব্লগিং ছাইট টুইটাৰত কালি উন্মোচন কৰাৰ পিছতে অভাৱনীয়ভাৱে ভিউৱাছ বৃদ্ধি পোৱা পৰিলক্ষিত হয় ।এই আন্দোলনৰ লগত অংশীদাৰ হ’বলৈ সুযোগ পাইছে অসমৰ এজন সাংবাদিক ।অসমৰ অন্যতম বাতৰি কাকত দৈনিক অসমৰ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীক প্ৰধান মন্ত্ৰী মোডীয়ে চকীদাৰ আন্দোলনৰ অংশ লোৱাৰ বাবে ধন্যবাদ জনাইছে।প্ৰধান মন্ত্ৰী গৰাকীয়ে চৌধুৰীলৈ প্ৰেৰণ কৰা এক টুইটাৰ বাৰ্তাত কয় যে দৰিদ্ৰতা, দুৰ্নীতি, অন্যায় বিপক্ষে অংশলৈ আন্দোলনটো আগবঢ়ায় নিয়াৰ বাবে ধন্যবাদ ।এই সম্পৰ্কে চৌধুৰীয়ে মন্তব্য কৰে যে দীৰ্ঘ দিন ধৰি দুখীয়াৰ উন্নয়ন আৰু দুৰ্নীতিৰ বিৰুদ্ধে কাকতত লিখি আহিছো আৰু অনাগত দিনটো এনেধৰণে সমাজৰ বাবে কাম কৰি যাম।উল্লেখযোগ্য যে এই আন্দোলনত দেশৰ বহুকেইগৰাকী নামী দামী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে।
1 Comment
ষষ্ঠদশ লোকসভা নিৰ্বাচনত মাননীয় নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি মিত্ৰযোটৰ একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ বাবে ভাৰতীয় সকলো জাতি জনগোষ্ঠীৰ লোককে ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনালোঁ।