টকিঅ’ অলিম্পিকৰ ভাৰতীয় দলৰ চীফ দ্য মিছন, ভাৰতীয় অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপসভাপতি, দেশৰ বিশিষ্ট ক্ৰী়ড়া সংগঠক, অসম গণ পৰিষদ দলৰ ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক আজি দলৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ তৰফৰ পৰা অভিনন্দন জনায় । চীফ দ্য মিছনৰ দায়িত্বৰে টকিঅ’ অলিম্পিকত বিশ্বৰ বুকুত ভাৰতবৰ্ষক উজ্বলাই তোলা বৈশ্য অভিনন্দন জনায় অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, সন্মানীয় কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই । অনুষ্ঠানত দলৰ কেবাগৰাকী সন্মানীয় বিধায়ক প্ৰমুখ্যে উপসভাপতি, সাধাৰণ সম্পাদক , মুখপাত্ৰ, ভাতৃ সংগঠনৰ বিষয়ববীয়া তথা অন্যান্য জ্যেষ্ঠ নেতা উপস্থিত থাকে।
Trending
- অৰুণাচলৰ পাকে কেচাং জিলাৰ অন্তৰ্গত চিজুছাত জিলা খনৰ যুৱ বিজেপিৰ উদ্যোগত বিশাল মটৰ চাইকেল আৰু কাৰ ৰেলীৰে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ন
- Tiranga Boat Rally in Dhubri- 75 boats marched in river Brahmaputra to mark 75 years of India’s Independence
- চৰকাৰৰ হাতত জমা থকা চাহ উপকৰৰ প্ৰায়১৮০ কোটি ব্যৱহাৰৰ সিদ্ধান্ত
- কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ
- ধাৰাপুৰৰ শ্যামৰায় নামঘৰৰ প্ৰেক্ষাগৃহ উদ্বোধন
- মহানগৰীৰ দাৰুল উলুম মাদ্ৰাছাৰ শিক্ষাৰ্থীৰ সৈতে অসম ৱাকফ বোর্ডৰ ঘৰে ঘৰে জাতীয় পতাকা শীৰ্ষক সজাগতামূলক কাৰ্যসূচী
- ঢকুৱাখনা-ঘিলামৰাত আৰক্ষীৰ ত্ৰিৰংগা যাত্ৰা*
- চতিয়া সমষ্টিৰ অন্তৰ্গত ডিপলোঙা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিশাল চাইকেল ৰেলীৰে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ
- সুৰিয়া চিমেণ্টৰ যোগদান হৰ ঘৰ তিৰঙ্গা অভিযানত
- আজাৰা গাঁও পঞ্চায়ত এলেকাত ৰাজহুৱা শৌচাগাৰ আৰু সামূহিক গৃহ উদ্ধোধন