প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত

0 539

১৯২০ চনতে স্থাপিত তথা জন্মলগ্নৰে পৰা শিক্ষাৰ পোহৰ বিলাই অহা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান পলাশবাৰী আৰ.বি. উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ে যোৱা ১ জানুৱাৰীৰ পৰা গৌৰৱজ্জ্বল শতবৰ্ষীয় অনুষ্ঠান উদযাপন কৰিবলৈ লৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন এখনি অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত পুৱা স্মৃতি তৰ্পন কৰে বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ লগতে প্ৰাক্তন ছাত্ৰসকলে।ইয়াৰ পিছত নতুনকৈ নিৰ্মাণ হ’বলগীয়া স্বৰ্গীয় বগাৰাম দাস সোৱৰণী এটি অত্যাধুনিক প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা  ৰাষ্ট্ৰীয় খেলুৱৈ, বিশিষ্ট ব্যৱসায়ী অনিল দাসে। ইয়াৰ পিছত প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ অনুষ্ঠিত হয়। এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি অমৃত কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আদৰণী ভাষণ পাঠ কৰে পলাশবাৰী আৰ. বি. উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ তথা শতবৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অমলেন্দ্ৰ নাথ ডেকা আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক মদন দাসে। বিদ্যালয় অধ্যক্ষ অমলেন্দ নাথ ডেকাই আদৰণী ভাষণত বিদ্যালয়খনৰ ইতিবৃত্তি বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। সভাত প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ, প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট ব্যৱসায়ী অনিল দাসে নিজৰ ভাষণত পিতৃ স্বৰ্গীয় বগাৰাম দাসৰ সোঁৱৰণত এই প্ৰেক্ষাগৃহটি সাজি দিয়াৰ বাবে দায়িত্ব গ্ৰহণ কৰি বিদ্যালয়খনৰ এটি দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব বুলি উল্লেখ কৰে। তেওঁ লগতে বিদ্যালয়খনৰ পূৰ্বৰ ঐতিহ্য বৰ্তাই ৰাখিবলৈ সকলো শ্ৰেণীৰ লোককে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়‌। সভাত শতবৰ্ষ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰঘুনাথ বড়া,  যুটীয়া সম্পাদকদ্বয় নিৰোদ কুমাৰ দাস, মুকুল কুমাৰ দাস, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি নৃপেন নাৰায়ণ ঠাকুৰীয়া, কাৰ্যকৰী সভাপতি হেমেন দাস, অনুপ মেধীৰ লগতে বহুকেজন বিশিষ্ট লোক উপস্থিত থাকি বিদ্যালয়খন শৈক্ষিক পৰিবেশৰ লগতে বিভিন্ন দিশত ভাষণ আগবঢ়ায়। উক্ত সভাতে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ সঞ্চালনাত প্ৰাক্তন ছাত্ৰ সন্মিলনখন অনুষ্ঠিত হয়। সন্মিলনত ১৯৫০ চনৰ পৰা বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰ সকলে নিজৰ নিজৰ মনোভাৱ প্ৰকাশ কৰি তথা অতীত সুঁৱৰি নষ্টালজিক হৈ পৰে। শিল্পী দ্বীপ ৰাজবংশীৰ পৰিচালনাত এটি সমবেত সংগীতৰে শুভাৰম্ভ কৰা সভাৰ মাজতে বিদ্যালয়ৰ শিক্ষয়ত্ৰী মণিকা ভৰালীয়ে এটি বৰগীত পৰিবেশন কৰি সকলোৱে আপ্লুত কৰে। ইয়াৰ পিছতে আবেলি প্ৰায় ৪ বজাত উদ্ যাপন সমিতি, প্ৰাক্তন ছাত্ৰ বনাম অসম ক্ৰীড়া সাংবাদিক সন্থাৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। উত্তেজনাপূৰ্ণ খেলখনত দুয়োটা দলে কোনো গল নিদিয়াকৈ শেষ হয়। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন আৰু ৬.৩০ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে এই শতবৰ্ষ অনুষ্ঠান বছৰযোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। ২০১৯ চনৰ ৩১ ডিচেম্বৰত বিদ্যালখনৰ শতবাৰ্ষিক কাৰ্য্যসূচী সমূহৰ সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জনাইছে।খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে ..

Leave A Reply

Your email address will not be published.