প্ৰিয়েল বৰ্মনৰ সাফল্য

0 234

এগৰাকী পাঁচ বছৰীয়া কনমানী ছোৱালী । ছোৱালী গৰাকীৰ নাম প্ৰিয়েল বৰ্মন । শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমিপবৰ্তী ইটাখোলাৰ নৱপুৰৰ কমানী প্ৰিয়েলে সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল । প্ৰতিভাসম্পন্ন কন্যা পোন প্ৰথমবাৰৰ বাবে তেজপুৰৰ মঞ্চত মডেলিঙ প্ৰদৰ্শন কৰি ৰাইজৰ পৰা মৰম বুটলিবলৈ সক্ষম হয় । ২০২২ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা প্ৰিয়েল হৈছে জামুগুৰিহাটৰ ইটাখোলাৰ নিবাসী ৰাহুল দেৱ বৰ্মন আৰু পূজা দেৱ বৰ্মনৰ সু-কন্যা । পাঁচ বছৰীয়া প্ৰিয়েলে মডেলিঙৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ কেতেকীবাৰীস্থিত মোহিনী বিবাহ ভৱনত মিষ্টাৰ, মিচেছ, মিছ, টিনচ, কিডছৰ তেজপুৰ আসাম ২০২২ চিজন ওৱানৰ মঞ্চত এম পি ইচকোৱাৰে আয়োজন কৰা এখন সৌন্দৰ্য্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । তাৰোপৰি ইটাখোলাৰ সমীপবৰ্তী কেৰাণীপামৰ তিনিবছৰীয়া দেবাংগনা দাসেও বিজয়ী হবলৈ সক্ষম হয় । প্ৰিয়েল আৰু দেবাংগনা এগৰাকী কনমানী ছোৱালী হৈয়ো তাইৰ মৰমলগা মাত আৰু হাঁহিয়ে সকলোৰে মন জয় কৰাৰ লগতে এনে সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসীয়ে বহুত শলাগ লয় । উক্ত বঁটাত আছে এখন প্ৰশংসা পত্ৰ, এটা ৰূপৰ মুকুটৰে উস্ম আদৰণি জনায় বহু উৎসাহ যোগোৱা পৰিলক্ষিত হয় । তেওঁলোকৰ সফলতাৰ আঁৰত শিল্পী চৰকাৰৰ বিশেষ প্ৰশিক্ষণ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.